ETV Bharat / state

Angkita Dutta Harassment Case : বিপদ বাঢ়িছে শ্ৰীনিবাসৰ, কৰ্ণাটকত জামিন আবেদন নাকচ ন্যায়ালয়ৰ

author img

By

Published : Apr 28, 2023, 3:46 PM IST

Updated : Apr 28, 2023, 4:15 PM IST

অংকিতা দত্তৰ গোচৰত জামিন নাকচ শ্ৰীনিবাস বিভিৰ (Srinivas BV bail rejected in Ankita Dutta case) । কৰ্ণাটকৰ নিম্ন আদালতত জামিনৰ আবেদন জনাইছিল শ্ৰীনিবাসে ৷ ২ মে’ত যদি দিছপুৰ থানাত শ্ৰীনিবাস হাজিৰ হ’বলগীয়া হ'লে অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ সম্ভাৱনা ৷ অৱশ্যে জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ দুৱাৰ এতিয়াও খোলা আছে শ্ৰীনিবাসৰ বাবে ।

Angkita Dutta Harassment Case
Angkita Dutta Harassment Case

গুৱাহাটী, ২৮ এপ্ৰিল : গ্ৰেপ্তাৰবৰণ কৰিবলগীয়া হ’ব পাৰে ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিয়ে (IYC president Srinivas BV controversy) ৷ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিছে শ্ৰীনিবাসৰ ৷ কংগ্ৰেছৰ পৰা সদ্য বহিষ্কৃত অসমৰ যুৱ নেত্ৰী অংকিতা দত্তৰ গোচৰ সন্দৰ্ভত জামিন বিচাৰি ন্যায়ালয়ত আবেদন জনাইছিল অংকিতাক নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত শ্ৰীনিবাসে (Angkita Dutta harassment case against Srinivas) ৷ কৰ্ণাটকৰ নিম্ন আদালতত জামিনৰ আবেদন জনাইছিল শ্ৰীনিবাসে ৷

কৰ্ণাটকৰ নিম্ন আদালতত অসম চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল লোক অধিবক্তা মাখন ফুকনে ৷ বিশেষ লোক অধিবক্তা হিচাবে কৰ্ণাটকলৈ অসম চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছিল মাখন ফুকনক ৷ আনহাতে, অহা ২ মে’ত দিছপুৰ থানাত হাজিৰ হ’বলৈ অসম আৰক্ষীয়ে শ্ৰীনিবাসক ইতিমধ্যে কৰ্ণাটকলৈ গৈ চমন জাৰি কৰি থৈছে ৷ সেই অনুসৰি শুকুৰবাৰে কৰ্ণাটক নিম্ন আদালতত জামিন নাকচ হোৱাৰ ফলত অহা ২ মে’ত শ্ৰীনিবাস অসমলৈ আহিলে অসম আৰক্ষীৰ বাবে গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হ’ব (Srinivas BV bail rejected in Ankita Dutta case) ৷

অসম আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত (পূব গুৱাহাটী) মৈত্ৰেয়ী ডেকাই যোৱা ২৩ এপ্ৰিলত কৰ্ণাটকৰ শ্ৰীনিবাসৰ বাসগৃহত এই জাননী জাৰি কৰি আহিছিল ৷ লগতে যোৱা ২৫ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়তো শ্ৰীনিবাসে অংকিতাৰ এজাহাৰ খাৰিজ কৰিবলৈ আবেদন জনাইছিল ৷ ২৬ এপ্ৰিলত এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ অজিত বৰঠাকুৰৰ এজনীয়া বিচাৰপীঠে ৷ কিন্তু ন্যায়ালয়ে খাৰিজ নকৰিলে অংকিতাৰ এজাহাৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰাও সাময়িক সকাহ নাপালে শ্ৰীনিবাসে (Angkita Dutta allegation against Srinivas BV) ৷

অহা ২ মে’ত অসম আৰক্ষীক কেচ ডায়েৰী দাখিলৰ নিৰ্দেশহে দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ সেই সময়ত অসম যুৱ কংগ্ৰেছৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অংকিতা দত্তই দাখিল কৰা হাৰাশাস্তিৰ অভিযোগৰ গোচৰৰ প্ৰতিক্ৰিয়া স্বৰূপে গুৱাহাটী আৰক্ষী বিভাগ আৰু অপৰাধ অনুসন্ধান বিভাগ দুয়োটাই কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় যুৱ নেতাগৰাকীক চমন জাৰি কৰাৰ পিছতেই উচ্চ ন্যায়ালয়ত অংকিতাৰ এফআইআৰ খাৰিজৰ আবেদন জনাইছিল ৷ শুকুৰবাৰে কৰ্ণাটক নিম্ন আদালতে শ্ৰীনিবাসৰ জামিন আবেদন নাকচ কৰিলে ৷

মন কৰিবলগীয়া যে, অহা ১০ মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন ৷ তাৰ আগতেই ২ মে’ত যদি দিছপুৰ থানাত শ্ৰীনিবাস হাজিৰ হ’বলগীয়া হয় তেন্তে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও আচৰিত হ’বলগীয়া একো নথাকিব ৷ অৱশ্যে নিম্ন আদালতেহে নাকচ কৰিছে শ্ৰীনিবাসৰ জামিনৰ আবেদন ৷ উচ্চ আদালতৰ বাট এতিয়াও খোলা আছে শ্ৰীনিবাস বিভিৰ ৷

লগতে পঢ়ক :CMs Vigilance Notice : সাংসদ অজিত ভূঞালৈ মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ জাননী

Last Updated : Apr 28, 2023, 4:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.