Protest Against Minister Pijush Hazarika : হাইলাকান্দি-কৰিমগঞ্জত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:38 PM IST

thumbnail

কৰিমগঞ্জ, 13 অক্টোবৰ: কৰিমগঞ্জত শুকুৰবাৰে কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মীসকলে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে জিলা সদৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপিবিৰোধী বিভিন্ন শ্লোগানেৰে কঁপি উঠিল প্ৰতিবাদস্থলী ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে । আৰক্ষী আৰু চি আৰ পি এফে ৰোধ কৰিবলৈ অহাত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতিৰো সৃষ্টি হয় । উল্লেখ্য যে, কিছুদিন পূৰ্বে হাইলাকান্দি আৰু কৰিমগঞ্জত অনুষ্ঠিত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ উক্ত সভাত কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে চাহ বাগিচাৰ ভূমি সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছিল ৷ উক্ত মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে শুকুৰবাৰে হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ছামছুদ্দিন বৰলস্কৰৰ উপৰিও কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সভাপতি ৰজত চক্ৰৱৰ্তীকে ধৰি অন্যান্য কংগ্ৰেছ কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.