নতুন সেৱা কৰৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছ, আপৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 1:24 PM IST

thumbnail

তেজপুৰ, ২২ নৱেম্বৰ : ৰাজ্য চৰকাৰৰ গৃহ বিভাগে শেহতীয়াকৈ সেৱা কৰ প্ৰযোজ্য কৰাৰ হঠকাৰী সিদ্ধান্তৰ ওপৰত জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন । বুধবাৰে শোণিতপুৰ জিলা কংগ্ৰেছে তেজপুৰৰ ৰাজীৱ ভৱনত সেৱা কৰৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সেৱা কৰৰ নামত ৰাজ্য চৰকাৰে পুনৰ অসমৰ জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাবলৈ ওলাইছে বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । এই চৰকাৰখন ব্যৰ্থ হৈছে, এইখন চৰকাৰে কৰৰ বোজা ৰাজ্যবাসীৰ ওপৰত জাপি দিছে বুলি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

শোণিতপুৰ জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক নয়নমণি গোস্বামীয়ে কয় যে, সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাই চৰকাৰে লুণ্ঠন আৰম্ভ কৰিছে । চৰকাৰে একমাত্ৰ পুঁজিবাদী সমাজক ৰক্ষা কৰিবলৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত এই কৰ জাঁপি দিবলৈ কৰা ব্যৱস্থা অতি দুৰ্ভাগ্যজনক ৷

আনহাতে শোণিতপুৰ জিলাৰ আম আদমী পাৰ্টীৰ বিষয়ববীয়াসকলেও পৃথকে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰী: বক্ৰ পথেৰে চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.