কেতিয়াবা দেখিছেনে ত্ৰিশ হাজাৰ টকীয়া মুৰ্গী ?

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:51 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : এটা কুকুৰাৰ মূল্য ৩০ হাজাৰ টকা ! আচৰিত লাগিলেও সঁচা ৷ এই বিশেষ মুৰ্গীটো 30,000 টকাত বিক্ৰীৰ বাবে চুক্তি হৈছে । ঘটনাটো ওড়িশাৰ বালাচোৰৰ ৷ বালাচোৰ জিলাৰ চোৰ ব্লকৰ অনন্তপুৰ অঞ্চলত আছে এই মুৰ্গীটো । দৰাচলতে, অনন্তপুৰ অঞ্চলৰ ভৱানী বিশ্বল নামৰ এজন যুৱকৰ আছে কুকুৰাৰ ব্যৱসায় । সংক্ৰান্তিৰ পূৰ্বে এতিয়া চাহিদা বাঢ়িছে যুঁজাৰু মুৰ্গীৰ ৷

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ওড়িশাতো এই মকৰ সংক্ৰান্তি অতি ধুমধামেৰে উদযাপন কৰা হয় । আগন্তুক সংক্ৰান্তিৰ বাবে এতিয়া চাহিদা বাঢ়িছে কুকুৰাৰ ৷ অন্ধ্ৰ প্ৰদেশত সংক্ৰান্তি অৰ্থাৎ শস্য চপোৱা উৎসৱৰ সময়ত বেছিভাগেই কুকুৰা যুঁজৰ আয়োজন কৰা হয় ৷ সীমান্তৱৰ্তী ওড়িশাইও শেহতীয়াকৈ কুকুৰা যুঁজেৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ওড়িশাৰ বালাচোৰৰ এজন কুকুৰা ব্যৱসায়ীয়ে কুকুৰাৰ যুঁজৰ পৰিপ্ৰেক্ষিতত নিজৰ কুকুৰা এটা ৩০ হাজাৰ টকাত বিক্ৰীৰ বাবে ৰাখিছে । কুকুৰা যুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাসকলে কুকুৰাটো কিনিবলৈ তেওঁৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে কুকুৰাটো কিনিবলৈ অহা বহুতেই দামৰ কথা জানিব পাৰি উভতি গ’ল ।

ব্যৱসায়ী ভৱনী বিশ্বলে জনাই যে সংক্ৰান্তিৰ আগতে বিভিন্ন অঞ্চলৰ পৰা মানুহে কুকুৰা কিনিবলৈ তেওঁৰ ঘৰত উপস্থিত হয় ৷

লগতে পঢ়ক : এটা মানৱসদৃশ মুখমণ্ডলৰ ছাগলীয়ে কাঢ়িছে দৃষ্টি, ভাইৰেল হৈছে ফটো-ভিডিঅ’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.