DFO আখতাৰ হুছেইনৰ ঘৰত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ অভিযান

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 7:07 PM IST

thumbnail

গুৱাহাটী, ১৮ ডিচেম্বৰ: গুৱাহাটীৰ হাতীগাঁৱত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ অভিযান । ডি এফ অ’ আখতাৰ হুছেইনৰ হাতীগাঁৱৰ শেৱালি পথস্থিত ৮ নং ঘৰত সোমবাৰে দুপৰীয়া অভিযান চলাই মুখ্যমন্ত্ৰী ভিজিলেঞ্চে । শিলচৰৰ ভূমি সংৰক্ষণ বিভাগৰ DFO আখতাৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰে পৰ্বতসম সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপন হৈছিল । আখতাৰ হুছেইনৰ বিৰুদ্ধে আয় বহিঃৰ্ভূত সম্পত্তিৰ অভিযোগত চি এম ভিজিলেঞ্চত ৬/২৩ নম্বৰত ৰুজু কৰা হৈছিল গোচৰ । 

DFOজনৰ শেৱালি পথৰ বাসগৃহৰ লগতে হাতীগাঁৱৰ সিজুবাৰীৰৰ ক্লাচিক এপাৰ্টমেণ্টৰ তৃতীয় মহলাত থকা ফ্লেটতো অভিযান চলায় মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ দলে ৷ লক্ষণীয় যে, ডি এফ অ’ আখতাৰ হুছেইনৰ সম্পত্তি দেখি হতবাক হৈছে চি এম ভিজিলেঞ্চৰ দলো । হুছেইনৰ অকল গুৱাহাটীতেই নহয় গোৱালপাৰাতো আছে বিশাল অট্টালিকা। হুছেইনে ঘৰত কোটি কোটি টকা জমা ৰখাৰ তথ্য লাভ কৰিছে ভিজিলেঞ্চৰ দলটোৱে ।

লগতে পঢ়ক: ন মাহ পিচত শিশুৰ দেহৰ পৰা বাহিৰ হ'ল গুলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.