Lok Sabha Election 2024: লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত ৰাজ্যিক বিজেপিৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 2:31 PM IST

thumbnail

গুৱাহাটী,‌ 18 অক্টোবৰ: 2024 লোকসভা নিৰ্বাচনত বিজেপিৰ সাংসদক কেনেকৈ বেছি ভোটত জয়ী কৰাব পাৰি তাকে লৈ ব্যস্ত হৈ পৰিছে শাসকীয় দল। মঙলবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা‌ প্ৰকাশ‌ কৰে । তেওঁ কয়, প্ৰত্যেক বিধায়ক টাৰ্গেট বান্ধি দিয়া হৈছে । আমি তেওঁলোকৰ পৰাও ফিডবেক লৈছোঁ কিমান ভোট দিব পাৰিব ।"

বৈঠকত কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়েও আলোচনা কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷ বিধায়কসকলে তেওঁলোকৰ সমষ্টিৰ পৰা গাঁওসমূহ নিৰ্বাচন কৰিব আৰু এই অনুসৰি এজন মন্ত্ৰীয়ে 5খনকৈ গাঁও ভ্ৰমণ কৰিব লাগিব । প্ৰতিজন মন্ত্ৰীয়ে প্ৰতিটোত ঠাইলৈ যাব । তেওঁ লগতে কয় যে, নৱেম্বৰ মাহত অসমত 400 খন নতুন বিদ্যালয় ভৱন পুনৰ নিৰ্মাণ তথা নতুন বিদ্যালয় নিৰ্মাণ কৰা হ’ব, 100 খন চাহ-বাগিচাত নতুন বিদ্যালয়, 15 খন কলেজ, 5 খন নাৰ্ছিং কলেজ আৰু 2 মেডিকেল কলেজ স্থাপন কৰা হ’ব ৷ নৱেম্বৰ-ডিচেম্বৰ মাহত ইয়াৰ আধাৰ শিলা স্থাপন কৰা হ’ব ৷

বিটিআৰৰ দুয়োটা সমষ্টি কেনেকৈ জয়ী হ’ব পাৰি সেয়া সেই সন্দৰ্ভতো আলোচনা হয়।

লগতে পঢ়ক: Zoo Road Flyover: পূজাৰ উপহাৰ ! মহাপঞ্চমীৰ দিনা উদ্বোধন হ’ব শ্ৰদ্ধাঞ্জলি উৰণ সেতু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.