CM in Jorhat: যোৰহাট আৱৰ্ত ভৱনত শিক্ষাৰ্থীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ

By

Published : Aug 17, 2023, 2:26 PM IST

thumbnail

যোৰহাট, ১৬ আগষ্ট: বৃহস্পতিবাৰে যোৰহাট আৱৰ্ত ভৱনত বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে পুৱাৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছতে যোৰহাট আৱৰ্ত ভৱনৰ বিশেষ সভাকক্ষত শিক্ষাৰ্থীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।  

মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ পৰা, তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন অভাৱ-অভিযোগৰ বুজ লয় আৰু তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ পৰা তেওঁলোকৰ প্ৰতিভাৰ উমান লয় । ইফালে কাষতে মুখ্যমন্ত্ৰীগৰাকীক পায় দুগুণ উৎসাহে কোনো কোনো শিক্ষাৰ্থীয়ে কবিতা আবৃত্তি কৰি তথা কোনোৱে বাঁহী সুৰৰ ধ্বনি তুলি আপ্লুত কৰি তোলে মুখ্যমন্ত্ৰীগৰাকীক ।  

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে এগৰাকীৰ মেধা সম্পন্ন বিশেষভাৱে সক্ষম ছাত্রয়ো আৰু তেওঁক অত্যন্ত প্ৰয়োজনীয় অত্যাধুনিক ইলেকট্ৰনিক হুইল চেয়াৰ বাবে ৬২ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীগৰাকীৰ সাক্ষাৎ লাভ কৰিবলৈ পুৱাৰ পৰাই যোৰহাট আৱৰ্ত ভৱনত বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয় । 

লগতে পঢ়ক: Assam CM in Jorhat: বিশেষভাৱে সক্ষম প্ৰিয়পলক 62 হাজাৰ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.