Raas Festival in Tihu: টিহুৰ বাৰোৱাৰী ৰাস মহোৎসৱত মুখ্যমন্ত্ৰী

By

Published : Nov 16, 2022, 7:53 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

চৌদিশে এতিয়া ৰাসোৎসৱৰ ব্যাপক আনন্দ(Raas festival in Assam) । ৰাসৰ এই আনন্দৰ মাজতে টিহুৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱত মঙলবাৰে সন্ধিয়াৰ ভাগত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarmah in Tihu Raas Festival) । ৰাসস্থলীত উপস্থিত হৈ টিহুবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে(CM addresses the people of Tihu) শ্ৰীকৃষ্ণৰ ৰাসলীলা তথা কৃষ্ণভক্তিক লৈ এক তত্বগধুৰ ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত বৃন্দাবন তথা কৃষ্ণৰ নান্দনিক দৃশ্যৰ বৰ্ণনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ লগতে টিহুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টিহু ফিডাৰ ৰোড বহলীকৰণৰ লগতে টিহু গান্ধী ভৱনৰ বাবে ১ কোটি টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । এই সমুহ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জিলা উপায়ুক্ত গীতিমণি ফুকন আৰু চলিচিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.