Assam CM in Dibrugarh : কাইলৈ ডিব্ৰুগড়ৰ জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

By

Published : Apr 10, 2023, 1:16 PM IST

thumbnail

ডিব্ৰুগড়, 10 এপ্ৰিল :  আজি ডিব্ৰুগড়ত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰি জনসভা সম্বোধন কৰিব (Assam CM in Dibrugarh)। 

উল্লেখ্য যে, আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰিব । বিমানবন্দৰৰ  পৰাই গৃহমন্ত্ৰীজনে বি এছ এফৰ হেলিকপ্টাৰেৰে অৰুণাচলৰ কিবিথুলৈ ৰাওনা হ'ব । ইফালে বিমানবন্দৰতে গৃহমন্ত্ৰীক আদৰণি জনাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পাচত এইবাৰ বিজেপিৰ আঞ্চলিক কাৰ্যালয় নিৰ্মাণ হ'ব ডিব্ৰুগড়ত (BJP Regional Office will be in Dibrugarh) । 

ডিব্ৰুগড় চহৰত বিজেপিৰ অত্যাধুনিক আঞ্চলিক কাৰ্যালয় নিৰ্মাণৰ বাবে ইতিমধ্যে বিভাগীয় ভূমি আৱন্টন লাভ কৰিছে শাসকীয় দলটোৱে । এই কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত কাইলৈ অংশ ল'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ পাচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব (Home minister to visit Assam) । 

উক্ত জনসভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতৃত্ব । 

লগতে পঢ়ক : Tensed situation at Kalgasia : কলগাছিয়াত মাটি পেলোৱাক কেন্দ্ৰ কৰি তীব্র উত্তেজনা; দুটা পক্ষৰ মাজত হতাহতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.