Ankita Dutta tweet row: মিলা প্ৰীতিৰে সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

By

Published : Apr 21, 2023, 9:34 PM IST

thumbnail

গুৱাহাটী, 21 এপ্ৰিল: "অসম প্ৰদেশ কংগ্ৰেছে যেনেদৰে অংকিতাৰ ঘটনাটোত অৱলোকন কৰিছে সেয়া দুখজনক ৷ তেওঁলোকে ভাবি লৈছে যে অংকিতাই দত্তই ভুল কথা কৈছে ৷ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস শুদ্ধ পথত আছে ৷ কিন্তু মই ভাল পালোহেতেন অসমৰ কংগ্ৰেছে যদি অসমৰ জীয়ৰীগৰাকীৰ সপক্ষে মাত মাতিলেহেতেন ৷ কিন্তু আমি টিভিত ওলোটা প্ৰতিচ্ছবি এখনহে দেখা পাইছো ৷’’ অংকিতা দত্তৰ টুইটক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Ankita Dutta controversy updates) ৷ 

তেওঁ লগতে কয়, ‘‘এইটো কংগ্ৰেছৰ নিজৰ ভিতৰৰ সমস্যা, এইটো তেওঁলোকে নিজৰ মাজতে সমাধান কৰিলে ইয়াৰ মাজত চিআইডিও সোমাব নালাগে, আৰক্ষীও সোমাব নালাগে ৷ এখন এজাহাৰ দাখিল হৈছে, মহিলা ৰাষ্ট্ৰীয় আয়োগেও আৰক্ষী সঞ্চালক প্ৰধানলৈ চিঠি লিখিছে ৷ মই কংগ্ৰেছক পৰামৰ্শ দিছো যে মিলা প্ৰীতিৰ মাজেৰে এই সমস্যাটোৰ সমাধান কৰক ৷" শুকুৰবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ বিষয় সন্দৰ্ভত সৰুপথাৰত এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM reaction Ankita Dutta row) ৷

লগতে পঢ়ক: MP Pradyut Bordoloi reaction: তিলকে তালটো কৰা হৈছে অংকিতা দত্তৰ ঘটনাক: প্ৰদ্যুৎ বৰদলৈ

সৰ্বত্ৰে চৰ্চা লাভ কৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ টুইটৰ বিষয়ে ৷ যুৱ কংগ্ৰেছৰ অসম প্ৰদেশৰ সভানেত্ৰী ড৹ অংকিতা দত্তই যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ কংগ্ৰেছ মহলত খলকনিৰ সৃষ্টি হৈছে (Ankita Dutta files FIR against Srinivas BV)। 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.