ETV Bharat / state

MP Pradyut Bordoloi reaction: তিলকে তালটো কৰা হৈছে অংকিতা দত্তৰ ঘটনাক: প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Apr 21, 2023, 7:43 PM IST

অংকিতা দত্তৰ নিলম্বনক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়া ৷ অংকিতা দত্তৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi reaction on Ankita Dutta case)৷

MP Pradyut Bordoloi reaction on Ankita Dutta case
তিলকে তালটো কৰা হৈছে অংকিতা দত্তৰ ঘটনাক

তিলকে তালটো কৰা হৈছে অংকিতা দত্তৰ ঘটনাক

নগাঁও, 21 এপ্ৰিল : "এইটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক ৷ মই ভাবো যে এইটো তিলকে তালটো কৰা হৈছে ৷ এজন দলীয় ব্যক্তিয়ে আমাৰ দলৰে আন এজন ব্যক্তিৰ ওপৰত অভিযোগ দাখিল কৰিছে আৰু ইয়াৰ প্ৰতিঅভিযোগ উত্থাপিত হৈছে ৷ ইয়াত দলটোৰ কোনো সম্পৰ্ক নাই ৷ ৰাজনৈতিক ভাৱে ইয়াৰ গইনা লৈ প্ৰতিপক্ষ আৰু সংবাদ মাধ্যমে উঠি পৰি লাগিছে ৷ সংবাদমাধ্যমে য’ত লাগিব লাগে তাত নালাগে কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত হ’লে সংবাদ মাধ্যমে অলপ বেছিকৈ লগা দেখা যায় ৷" কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ নিলম্বনক লৈ এই মন্তব্য প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi reaction) ৷

সাংসদগৰাকীয়ে লগতে কয়, "কিন্তু এইটো কথাও ঠিক যে যেতিয়া দলীয় বিষয়বাবত কোনোবা দায়িত্বশীল লোক থাকে তেতিয়া দলীয় শৃংখলতা দলীয় অনুশাসন সকলোৱে মানি চলিব লাগিব ৷ এনেকুৱা গুৰু গোঁসাই নমনা কাম কৰিলে দলটোৰ ভীষণ ক্ষতি হয় ৷ এনেকুৱা ঘটনাই দলৰ কৰ্মকৰ্তাসকলৰ মনোবল হ্ৰাস কৰে ৷ দলৰ সিদ্ধান্ত আমি সকলোৱে একমত (Ankita Dutta expelled updates)৷ দল এৰি যোৱাসকলক যাবলৈ দিয়াতকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰাটো দলৰ নেতৃত্বৰ দায়িত্ব ৷"

ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতিত এতিয়া তোলপাৰ লগাইছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ বিষয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ কন্যা তথা যুৱ কংগ্ৰেছৰ অসম প্ৰদেশৰ সভানেত্ৰী ড৹ অংকিতা দত্তক হাইকমাণ্ডে নিলম্বন কৰাৰ আৰু যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ বিৰুদ্ধে অংকিতা দত্তই উত্থাপন কৰা অভিযোগক লৈ একপ্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে কংগ্ৰেছ মহলত (Pradyut Bordoloi reaction on Ankita Dutta case)।

ইপিনে সমষ্টি পুনৰ গঠন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সমষ্টি পুনৰ গঠনে ২৪ৰ লোকসভাত প্ৰভাৱ নেপেলায় । সমষ্টি পুনৰ গঠন হলেও ভোটাৰ একেখিনিয়েই থাকিব ৷ ৰাইজ এতিয়া সজাগ হৈছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে নগাঁও উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । কংগ্ৰেছে একত্ৰিতভাৱে বিজেপিৰ প্ৰচেষ্টাক প্ৰতিহত কৰিব লাগিব।

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত অংকিত‍া দত্তৰ নিলম্বনৰ প্ৰসংগকলৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই অংকিতা দত্তক নিলম্বন কৰা বুলি কোৱাৰ বিপৰীতে সভাপতি ভূপেন বৰাই ইয়াক নস্যাৎ কৰি স্পষ্ট কৰি দিয়ে যে, এতিয়ালৈকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্যা অংকিতা দত্তক দলৰ পৰা নিলম্বনৰ কোনো সিদ্ধান্ত সম্পৰ্কে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক অৱগত কৰা নাই (Ankita Dutta files FIR against Srinivas BV) ।

লগতে পঢ়ক: Ankita Dutta updates: নিলম্বন কৰা হোৱা নাই অংকিতা দত্তক; জবাবদিহি হ’ব কমলাক্ষ্য দে’ পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.