ETV Bharat / state

Ankita Dutta updates: নিলম্বন কৰা হোৱা নাই অংকিতা দত্তক; জবাবদিহি হ’ব কমলাক্ষ্য দে’ পুৰকায়স্থ

author img

By

Published : Apr 21, 2023, 6:30 PM IST

অংকিতা দত্তৰ নিলম্বনৰ সিদ্ধান্তক লৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত সৃষ্টি হৈছে মতবিৰোধ ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই অংকিতা দত্তক নিলম্বন কৰা বুলি কোৱাৰ পাচতেই সভাপতি ভূপেন বৰাই কৰিছে বিপৰীত মন্তব্য ৷ কমলাক্ষ দে’ পুৰকায়স্থক জবাবদিহি কৰাৰ কথাও উল্লেখ সভাপতি বৰাৰ (Ankita Dutta controversy updates) ৷

Ankita Dutta updates
Ankita Dutta controversy updates

নিলম্বন কৰা হোৱা নাই অংকিতা দত্তক

গুৱাহাটী, ২১ এপ্ৰিল: অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত বিভ্ৰান্তি । প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিত‍া দত্তৰ নিলম্বনৰ প্ৰসংগকলৈ সৃষ্টি হৈছে এই বিভ্ৰান্তিৰ । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই অংকিতা দত্তক নিলম্বন কৰা বুলি কোৱাৰ বিপৰীতে সভাপতি ভূপেন বৰাই ইয়াক নস্যাৎ কৰিছে । কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই বিবৃত্তি দিয়াৰ পাচতেই প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰাৰ বাতৰিটো সৰ্বত্ৰ প্ৰচাৰ হৈছিল (Ankita Dutta expelled updates)।

শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই অংকিতা দত্তক নিলম্বন কৰা বুলি কোৱাৰ লগে লগে সংবাদ মাধ্যমত প্ৰচাৰ হয় । সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora on Ankita Dutta expel row)।

সভাপতি ভূপেন কুমাৰ বৰাই স্পষ্ট কৰি দিয়ে যে, এতিয়ালৈকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্যা অংকিতা দত্তক দলৰ পৰা নিলম্বনৰ কোনো সিদ্ধান্ত সম্পৰ্কে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক অৱগত কৰা নাই । তেওঁ লগতে কয় যে, ইতিমধ্যে অংকিতা দত্তই প্ৰদেশ কংগ্ৰেছক কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দাখিল কৰিছে আৰু সেই উত্তৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰা হৈছে (Ankita Dutta files FIR against Srinivas BV) ।

সভাপতি বৰাই আৰু কয় যে, অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা বক্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ বক্তব্য নহয় ৷ ইয়াৰ বাবে কমলাক্ষ দে’ পুৰকায়স্থ দলৰ ওচৰত জবাবদিহি হ'ব লাগিব ।

লগতে পঢ়ক: Ankita Dutta controversy: অংকিতা দত্তৰ বিতৰ্ক সন্দৰ্ভত তদন্তৰ পোষকতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

লক্ষ্যনীয় বিষয় যে, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দিয়াৰ পৰিপ্ৰেক্ষিতত অংকিতা দত্ত নিলম্বন হোৱাৰ বিষয়টো চৰ্চালৈ আহিছিল (Ankita Dutta tweet controversy) ।

কাৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনাক উলংঘা কৰি বুধবাৰে নিশা শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল অংকিতা দত্তই । যাক লৈ ক্ষোভিত হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই অংকিত‍ দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছিল (Assam congress leader Ankita Dutta)।

উল্লেখ্য যে, টুইটাৰযোগে অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । যাকলৈ কংগ্ৰেছত ধুমুহাৰ সৃষ্টি হৈছিল । ইয়াৰ পিচতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংকিতা দত্তক মতাই আনি বিষয়টো মীমাংসা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল (Ankita Dutta latest news) ।

কিন্তু তাৰ পাচতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশনা অমান্য কৰি অংকিতা দত্তই বুধবাৰে নিশা শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰে । যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে অংকিতা দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী ববিতা শৰ্মাক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰে যোগাযোগ কৰাৰ বাবে সভাপতিয়ে দায়িত্ব দিছিল । এ আই চি চিৰ পৰামৰ্শ অনুসৰি অংকিতা দত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ভূপেন বৰাই সদৰী কৰিছিল ।

লগতে পঢ়ক: Srinivas BV Case: শ্ৰীনিবাস-অংকিতা কাণ্ডৰ আঁৰত কৰ্ণাটকৰ নিৰ্বাচন ? অসম আৰক্ষীয়ে তদন্তৰ বাবে মাতিব শ্ৰীনিবাসক !

আনহাতে, বৃহস্পতিবাৰেই প্ৰদেশ কংগ্ৰেছে অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল আৰু অতি কম সময়ৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছিল । তেনে পৰিপ্ৰেক্ষিতত অংকিতা দত্তক দলৰ পৰা বহিষ্কাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.