Kati Bihu at Assam Bhawan : নতুন দিল্লীৰ অসম ভৱনত কাতি বিহু পালন মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:54 PM IST

thumbnail

গুৱাহাটী, ১৮ অক্টোবৰ : সমগ্ৰ অসমে আজি উদযাপন কৰিলে অসমীয়া চহা জীৱনৰ প্ৰাণৰ স্পন্দন কাতি বিহু ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইয়ো বুধবাৰে কাতি বিহুৰ পৰম্পৰা পালন কৰিলে দেশৰ ৰাজধানী চহৰ দিল্লীত ৷ তুলসীৰ তলত মুখ্যমন্ত্ৰীয়ে জ্বলালে এগচি চাকি ৷

নতুন দিল্লীৰ অসম ভৱনত অসমীয়া ৰীতি-নীতি অনুসৰি মুখ্যমন্ত্ৰীয়ে বন্তি জ্বলাই সকলোৰে কুশল কামনা কৰে ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ তথা অন্যান্য সকলৰ সৈতে উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা ৷ তুলসীৰ তলত চাকি জ্বলাই ড° হিমন্ত বিশ্ব শৰ্মাই কয়—“ আজি ৰাজ্যবাসীয়ে গাম্ভীৰ্যপূৰ্ণভাৱে কাতি বিহু পালন কৰিছে ৷ নিজৰ খেতি পথাৰত এগছি বন্তি জ্বলাইছে ৷ খেতি পথাৰখন উপচি পৰক, তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ অসমৰ মানুহে কাতি বিহুৰ দিনাই কঙালীৰ পৰা ভোগালীলৈ যাত্ৰাৰ সপোন দেখে আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰে ৷ ময়ো অসমবাসীৰ খেতি পথাৰ উপচি পৰক তাৰেই কামনাৰে পৰম পিতাৰ ওচৰত এগচি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছো ৷”

লগতে পঢ়ক : Keshab Mahanta Lightened Aakash Bonti : কলিয়াবৰত আকাশ বন্তি জ্বলাই কাতি বিহু উদযাপন মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.