Keshab Mahanta Lightened Aakash Bonti : কলিয়াবৰত আকাশ বন্তি জ্বলাই কাতি বিহু উদযাপন মন্ত্ৰী কেশৱ মহন্তৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 9:09 PM IST

thumbnail

কলিয়াবৰ, 18 অক্টোবৰ : কাতি বিহু চহা জীৱনৰ অন্যতম প্ৰাণৰ উৎসৱ । আহিনৰ শেষৰ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাবে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা উদযাপন কৰি আহিছে । এই বিহুৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি । অসমীয়া জন-জীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে । কৃষিজীৱি জনতাই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে সাৱটি লৈছে । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে । কলিয়াবৰত অসম যুৱ পৰিষদৰ উদ্যোগত কাতি বিহু পালন কৰা হয় মাধৱ গাঁও পথাৰত । মাধৱ গাঁও পথাৰত আকাশ বন্তি প্ৰজ্জ্বলন কৰে মন্ত্ৰী কেশৱ মহন্তই । তুলসীৰ তলত নাম-কীৰ্তন কৰে আইমাতৃ-যুৱতীসকলে । আনহাতে, কলিয়াবৰতো কঙালীৰ উলাহত ধাননিৰ বকীয়াত বোৱাৰী-জীয়াৰী, যুৱক-যুৱতীৰে ৰবাব টেঙাৰ সোৱাদ লয় মন্ত্ৰী মহন্তই । উল্লেখ্য যে, কলিয়াবৰত লখিমী আদৰাৰ নিয়মৰ লগতে পথাৰত ৰবাব টেঙা খোৱাৰ পৰম্পৰা চলি আহিছে । শিশুসকলে তুলসীৰ তলত গাঁৱৰ ঘৰে-ঘৰে নাম-কীৰ্তন পৰিৱেশন কৰে কলিয়াবৰত ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.