Himanta Biswa Sarma Birthday: কলিয়াবৰৰ বিবাহস্থলীত কেক্ কাটি জন্মদিন উদযাপন মুখ্যমন্ত্ৰীৰ

By

Published : Feb 1, 2023, 5:09 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

কলিয়াবৰ, 1 ফেব্ৰুৱাৰী : বুধবাৰে 54 বছৰীয়া হ’ল হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma Birthday)৷ নিশা বাৰ বজাৰ পৰাই জন্মদিনৰ শুভেচ্ছাৰে উপচাই পেলোৱা দেখা গৈছে ৰাজনীতিৰ চাণক্যক ৷ সামাজিক মাধ্যমো ভৰি পৰিছে শুভেচ্ছাবাণীৰে ৷

ওপজা দিনটোতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ’ল কলিয়াবৰত ৷ উপলক্ষ্য- স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ তথা প্ৰাক্তন আছুনেতা আৰু বৰ্তমানৰ অগপ নেতা মণি মাধৱ মহন্তৰ বিয়া (Moni Madhab Mahanta marriage)৷ বিবাহস্থলীত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনালে উপস্থিত ৰাইজে ৷ মন্ত্ৰী কেশৱ মহন্তৰ পৰিয়ালবৰ্গই চেনেহেৰে যঁচা এটা সুউচ্চ কেক্ কাটিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মণি মাধৱ মহন্তৰ বিবাহস্থলীতে হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হ’ল ৷ আনহাতে কলিয়াবৰৰ উদীয়মান চিত্ৰশিল্পী কেশৱ দাসে অংকন কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুৰ্ণাংগ চিত্ৰ এখনো ওপজা দিনৰ শুভেচ্ছাৰে প্ৰদান কৰিলে হেলিপেডতে ।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ শ্ৰীশ্ৰী মা কামাখ্যা দেৱালয়ৰ (Maa Kamakhya Devalaya Nagaon) আশিস গ্ৰহণ কৰে ৷ ৰাজ্যৰ দ্বিতীয় শক্তিপীঠ হিচাবে পৰিচিত শিলঘাটৰ কামাখ্যা দেৱালয়ত পূজা-অৰ্চনা কৰি দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দেৱীৰ আশীৰ্বাদে অসমক দেশৰ অন্যতম আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰাত সহায় কৰাৰ আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক : Himanta Biswa Sarma Birthday: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 54 সংখ্যক জন্মদিন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.