Effigy burnt in Tingkhang: টিংখাংত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

By

Published : Aug 10, 2023, 5:41 PM IST

thumbnail

টিংখাং,১০ আগষ্ট: টিংখাঙত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।  

ৰাজগড় শ্বহীদ বেদীৰ সন্মুখত প্ৰতিমূৰ্তি দাহ কৰি আহোম সকলক জনজাতিকৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কৰি অহা বঞ্চনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সংগঠনটো । কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটাছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈয়ে অতি শীঘ্ৰে আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে বিজেপি চৰকাৰক ওফৰাই পেলোৱাৰ হুংকাৰ প্ৰদান কৰে ।  

আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পদত্যাগৰ দাবী কৰে আটাছুৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে । প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ , হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই , টাই আহোমক জনজাতিকৰণ প্ৰদান কৰক আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । 

লগতে পঢ়ক: Bonda student Murder update; হত্যাকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰি নিজৰাত হাত ভৰি ধুইছিল; প্ৰত্যক্ষদর্শী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.