Jhumur dance:৩ সহস্ৰাধিক নাচনীৰ ঝুমুৰ নৃত্যত মুখৰিত হ’ল টিংখাং

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 9:24 AM IST

thumbnail

ডিব্ৰুগড়, 9 অক্টোবৰ : ঝুমুৰ গাই, মাদল বজাই আনন্দত আত্মহাৰা মন্ত্ৰী বিমল বড়া । মাদল বজাই হাজাৰ হাজাৰ নাচনীক নচুৱালে কেবিনেট মন্ত্ৰী বিমল বড়াই । উল্লেখ্য যে, টিংখাঙত মাহজোৰা ঝুমৰ গীত, নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি পৰে ।

টিংখাঙৰ ডিৰাই চাহ বাগিচাত অনুষ্ঠিত হোৱা ঝুমুৰ গীত, নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা । ৩ সহস্ৰাধিক প্ৰশিক্ষাৰ্থীৰ ঝুমুৰ গীত নৃত্যৰ লয়লাসেৰে মুখৰিত হৈ পৰে অনুষ্ঠানস্থলী ৷

কিনকিনীয়া বৰষুণকো নেওচি ঝুমুৰ গীত নৃত্য উপভোগৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ । উল্লেখ্য যে, মন্ত্ৰী বিমল বড়াৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো সমষ্টিটোৰ মুঠ ৮ টা স্থানত ঝুমুৰ গীত আৰু নৃত্য প্ৰশিক্ষণ প্ৰদান কৰিছিল ।

লগতে পঢ়ক : Historical Nahor Pukhuri : খোৱাঙৰ ৰজাদিনীয়া ঐতিহাসিক নাহৰ পুখুৰী সংৰক্ষণৰ বাবে তৎপৰ মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.