Kalgachia Road Accident: তীব্ৰ বেগী বাইকৰ খুন্দত কথমপি প্ৰাণ ৰক্ষা এটি কিশোৰৰ

By

Published : Jul 22, 2023, 8:18 PM IST

thumbnail

জনীয়া,22 জুলাই: বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দিগজানি গাঁৱত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰ বেগী বাইকে মহতিয়াই নিলে পথচাৰীক ৷ জানিব পৰা মতে দিগজানি গাঁৱত বামুনটাৰীৰ পৰা বালাগাঁও অভিমুখে তীব্ৰবেগী বাইকে মহতিয়াই নিয়ে ছলেমান আলী নামৰ কিশোৰটিক ৷ আদিতপুৰ গাঁৱৰ ছলেমান আলীয়ে, পুত্ৰ আলতাফ হুছেইন আৰু পত্নী সৈতে খোজ কাঢ়ি গৈ আছিল ৷ 

তেনে সময়তে বামুনটাৰীৰ পৰা বালাগাঁও অভিমুখে বাইকে মহতিয়াই নিয়ে 16 বছৰীয়া আলতাফ হুছেইনক । ফলত গুৰুতৰভাৱে আহত হয় ১৬ বছৰীয়া আলতাফ হুছেইন। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাইক আৰোহীয়ে । ইফালে গুৰুতৰভাৱে আহত আলতাফ হুছেইনক সংকজনক অৱস্থাত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ 

লগতে পঢ়ক:Road accident in Barpeta: বৰপেটাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত যুৱকৰ মৃত্য়ু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.