ONGC Sivsagar: অ'এনজিচি তৈলখাদত ভাগিল ৰাসায়নিক পদাৰ্থ মিহলি পানী ভৰ্তি পুখুৰীৰ পাৰ; ৰাইজৰ শংকা

By

Published : Aug 8, 2023, 2:14 PM IST

thumbnail

আমগুৰি, ৮ আগষ্ট: শিৱসাগৰৰ দেওপানীত অ'এনজিচি তৈলখাদত হাহাকাৰ পৰিস্থিতি । তৈলখাদৰ ৰাসায়নিক পদাৰ্থ মজুত কৰা পুখুৰীৰ পাৰ ভঙাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । দেওপানীৰ M-৪৯০০ তৈদখাদৰ ৰাসায়নিক পদাৰ্থ মজুত কৰা পুখুৰীৰ পাৰ ভঙাত বিপদ নামি আহিছে মৎস্যকুললৈ । ৰাসায়নিক পদাৰ্থ তৈলখাদৰ গাৰ্ডৱাল খহাই দেওপানী নদীত মিহলি হোৱাত অঞ্চলবাসী আতংকিত হৈছে ।  

ৰাসায়নিক পদাৰ্থ দেওপানী নদীত মিহলি হোৱাত মৎস্যকুলৰ লগতে জীৱ-জন্তুলৈ ভাবুকি নামি আহিছে । বিভিন্ন সময়ত দেওপানীস্থিত M-৪৯০০ তৈদখাদৰ বিষয়াৰ গুৰুত্বহীনতাৰ বাবে বহুবাৰ ৰাসায়নিক পদাৰ্থ নদীত মিহলি হৈ সৰ্বসাধাৰণৰ জীৱনৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে । স্থানীয় লোকৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই অ'এনজিচি কৰ্তৃপক্ষক বহুবাৰ ৰাসায়নিক পদাৰ্থ মজুত কৰা পুখুৰীটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও অ'এনজিচি কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: Medical admissions: চিকিৎসা শিক্ষাত নামভৰ্তিকৰণত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.