ETV Bharat / state

Medical admissions: চিকিৎসা শিক্ষাত নামভৰ্তিকৰণত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Aug 7, 2023, 8:52 PM IST

Updated : Aug 7, 2023, 9:43 PM IST

Medical admissions case
গুৱাহাটী উচ্চ ন্যায়ালয়

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । চিকিৎ‍সা শিক্ষাৰ আসন সংৰক্ষণক লৈ এই নিৰ্দেশনা ন্যায়ালয়ৰ । 11 আগষ্ট পৰ্যন্ত চিকিৎসা শিক্ষাত নামভৰ্তিকৰণত স্থগিতাদেশ ন্যায়ালয়ৰ ৷

গুৱাহাটী, ৭ আগষ্ট: চিকিৎসা শিক্ষাৰ আসন সংৰক্ষণ সন্দৰ্ভত সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ অহা 11 আগষ্ট পৰ্যন্ত চিকিৎসা শিক্ষাত নামভৰ্তিকৰণত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ বিশেষকৈ অন্যান্য পিছপৰা শ্ৰেণী (Other Backward Class) আৰু সংখ্যালঘু আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (Minorities and Other Backward Classes) শিক্ষাৰ্থীৰ নামভৰ্তিৰ ক্ষেত্ৰত এই স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

চিকিৎসা শিক্ষাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত থকা বিসংগতিৰ বাবে নামভৰ্তিকৰণত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ চিকিৎসা শিক্ষা আসন সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ত্ৰুটিৰ কথা আদালতত স্বীকাৰ কৰিলে মহাধিবক্তা দেৱজিৎ শইকীয়াই ৷ অসম চৰকাৰৰ মহাধিবক্তাগৰাকীৰ এই স্বীকাৰোক্তিৰ পাচতেই নামভৰ্তিকৰণত স্থগিতাদেশ জাৰি কৰিলে উচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য, অন্যান্য পিছপৰা শ্ৰেণী (Other Backward Class) আৰু সংখ্যালঘু আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (Minorities and Other Backward Classes) বাবে অসমত ১৫ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশনা আছে ৷ এই আসন কেৱল অ’বিচিৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ হ'ব লাগে ৷ কিন্তু এই নিয়ম মানি চলা নাছিল ৰাজ্য চৰকাৰে ৷

ৰাজ্য চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তিনি বঞ্চিত প্ৰাৰ্থী ৷ তিনি বঞ্চিত প্ৰাৰ্থীৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ এই শুনানীত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই চিকিৎসা শিক্ষা আসন সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ত্ৰুটিৰ কথা আদালতত স্বীকাৰ কৰে ৷ যাৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে এই গোচৰৰ শুনানী গ্ৰহণ কৰে আৰু তিনি বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থনত ৰায়দান কৰে ৷

লগতে পঢ়ক: Gauhati HC Stays WFI Elections: ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Last Updated :Aug 7, 2023, 9:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.