ETV Bharat / state

Gauhati HC Stays WFI Elections: ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Jun 26, 2023, 8:51 AM IST

Gauhati HC Stays WFI Elections
ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত স্থগিতাদেশ

১৭ জুলাই পৰ্যন্ত স্থগিত থাকিব WFIৰ নিৰ্বাচনত । অসম মল্লযুঁজ সন্থাই এই নিৰ্বাচনক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ৷ দেওবাৰে এই আবেদনৰ শুনানী গ্ৰহণ কৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰে ৷ ১৭ জুলাইত ন্যায়ালয়ে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ৷

গুৱাহাটী, ২৬ জুন: ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত স্থগিতাদেশ । গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে এই স্থগিতাদেশ । অহা ১১ জুলাইত অনুষ্ঠিত হ’বলগীয়া আছিল ভাৰতীয় মল্লয়ুঁজ ফেডাৰেচনৰ নিৰ্বাচন । অসম মল্লযুঁজ সন্থাই এই নিৰ্বাচনক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল ৷ তাৰ পিছতে ২৫ জুন অৰ্থাৎ দেওবাৰে এই আবেদনৰ শুনানী গ্ৰহণ কৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰে ৷

ইয়াৰ পূৰ্বে ৫টা অস্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক সংগঠনে ফেডাৰেচনৰ ভোটাধিকাৰ বিচাৰি ন্যায়ালয়ত আবেদন জনাইছিল । এই লৈ হোৱা এক শুনানিত নিজৰ যুক্তি দাঙি ধৰাৰ পিছত ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে (আই অ’ এ) গঠন কৰা এখন তদৰ্থ পেনেলে ১১ জুলাইত ভাৰতীয় মল্ল যুঁজাৰু সন্থাৰ (ডব্লিউ এফ আই) নিৰ্বাচন অনুষ্ঠিত কৰাৰ আয়োজন কৰিছিল ৷ মহাৰাষ্ট্ৰ, হাৰিয়ানা, তেলেংগানা, ৰাজস্থান, আৰু হিমাচল প্ৰদেশ- এই ৰাজ্যিক সংস্থাসমূহে তেওঁলোকৰ স্বীকৃতিৰ পৰা বৰ্খাস্ত কৰাটো উপযুক্ত নহয় বুলি দাবী কৰি তদৰ্থ পেনেলৰ কাষ চাপিছিল ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দেওবাৰৰ ৰায় অনুসৰি ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত স্থগিত ৰাখিব লাগিব নিৰ্বাচন । ন্যায়ালয়ে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে অহা ১৭ জুলাইত ৷ অৰ্থাৎ ১৭ জুলাই পৰ্যন্ত স্থগিত থাকিব WFIৰ নিৰ্বাচনত ।

উল্লেখযোগ্য যে যুক্তি সংগতভাৱে আবেদন জনোৱাৰ পিছতো অসম মল্লযুঁজাৰু সন্থাক স্বীকৃতি দিয়া নাছিল ভাৰতীয় মল্ল যুঁজাৰু ফেডাৰেচনে । যাৰ ফলত অসমৰ মল্ল যুঁজাৰুসকলে এতিয়াও অসমক প্রতিনিধিত্ব কৰি দেশৰ মল্লযুঁজৰ প্ৰতিযোগিতাসমূহত যোগদান কৰাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে । মল্লযুঁজৰ বিভিন্ন ৰাষ্ট্রীয় প্রতিযোগিতাত অসমৰ খেলুৱৈসকলে আন ৰাজ্যৰ হৈ প্রতিনিধিত্ব কৰিব লগা হৈ আহিছে ।

সেয়ে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ ওচৰত স্বীকৃতি বিচাৰি আবেদন জনাইছিল অসমৰ মল্লযুঁজাৰু সন্থাই । ইতিমধ্যে অসমত ৰাষ্ট্রীয় পৰ্যায়ৰ মল্ল যুঁজৰ প্রতিযোগিতাও অনুষ্ঠিত হৈ গৈছে ৷ তাৰ পিছতো ৰাষ্ট্ৰীয় স্বীকৃতিৰ পৰা বঞ্চিত হ’ব লগা হৈছে অসম মল্ল যুঁজাৰু সন্থা । সেয়ে অৱশেষত ন্যায় বিচাৰি ন্যায়ালয়ৰ দাৰস্থ হ’ব লগা হয় অসম মল্লযুঁজাৰু সন্থা ৷

অসম মল্ল যুঁজ সন্থাৰ তৰফৰ পৰা ন্যায়ালয়ত যুক্তি দাঙি ধৰা হয় যে যদিহে তেওঁলোকৰ সংস্থাটো ডব্লিউ এফ আইৰ সৈতে জড়িত কৰা নহয় আৰু তেওঁলোকে নিজৰ প্ৰতিনিধিক নিৰ্বাচনী প্ৰক্ৰিয়ালৈ মনোনীত কৰিব নোৱাৰে, তেন্তে নিৰ্বাচনী প্ৰক্ৰিয়াটো স্থগিত কৰা উচিত । আবেদনকাৰীৰ আৰ্জি শুনানিৰ পিছত আদালতে নিৰ্দেশ দিয়ে যে পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ বা শুনানি নোহোৱালৈকে ডব্লিউ এফ আইৰ কাৰ্যবাহী সমিতিৰ নিৰ্বাচন আগবাঢ়িব নালাগে ।

লগতে পঢ়ক: Wrestlers Protest : ব্ৰীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ এমপি এমএলএ আদালতলৈ স্থানান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.