Joining Programme of BPF : বিটিচিৰ অফিছটো সংগঠন চলোৱাৰ দৰে চলাই আছে; হাগ্ৰামা মহিলাৰী

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 6:27 PM IST

thumbnail

ওদালগুৰি, 30 ছেপ্টেম্বৰ : কলাইগাঁৱত বিপিএফ দলৰ বিশাল যোগদান কাৰ্যসূচী ৷ প্ৰাক্তন ছাত্ৰ নেতাসহ ইউপিপিএল, বিজেপি দলৰ কৰ্মীৰ বিপিএফ দলত যোগদান ৷ মূদৈবড়ী ব্লক বিপিএফ দলৰ উদ্যোগত কলাইগাঁও প্ৰগতিশীল জনমঞ্চ প্ৰাংগণত শনিবাৰে এই যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰি, কলাইগাঁৱৰ বিধায়ক দুৰ্গাদাস বড়ো, প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ প্ৰমুখ্যে বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে দলীয় নেতা-কৰ্মীসকলে ৷  

কলাইগাঁৱত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৱে বিটিচিত পৰিবৰ্তনৰ নামত মিছা প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা বুলি মন্তব্য কৰে ৷ আনহাতে বিটিআৰত এবছুৱে প্ৰমোদ বড়ো চৰকাৰ চলোৱা বুলিও মন্তব্য কৰে তেওঁ ৷ ইউপিপিএল, বিজেপি দলৰ প্ৰতি মোহভংগ হৈছে বিটিআৰত ৷ সেয়েহে প্ৰতি দিনে বিপিএফ দলত যোগদান কাৰ্যসূচী চলি আছে বুলি কয় তেওঁ ৷ আনহাতে বিপিএফ দলৰ প্ৰতি বিটিচিত মানুহৰ আকৰ্ষণ বেছি হোৱা বুলিও কয় বিটিচিৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে ৷ 

লগতে পঢ়ক : Pijush Hazarika : ভূপেন বৰাক অসমৰ কপিল শৰ্মা আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.