Chandrayaan 3 mission: আজিৰ সন্ধিয়াটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত হ'ব; সৰ্বানন্দ সোণোৱাল

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:22 PM IST

thumbnail

ডিব্ৰুগড়, 23 আগষ্ট: বুধবাৰে সন্ধিয়া চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা আছে চন্দ্ৰযান-3 ৷ সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীৰো তীক্ষ্ণ দৃষ্টি নিৱদ্ধ হৈ আছে চন্দ্ৰযান-3ৰ ওপৰত ৷ চন্দ্ৰযান-3 য়ে যাতে সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে তাৰ বাবে দেশবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

চন্দ্ৰযান-3 সন্দৰ্ভত কেন্দ্ৰীয় জাহাজ, বন্দৰ, জল পৰিবহন আৰু আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁ কয় যে, ভাৰতে নিজা প্ৰযুক্তিৰে লাভ কৰা সফলতাই বিশ্বৰ আগত ভাৰতক পুনৰ উজ্বলাই তুলিব ৷ ই উঠি অহা প্ৰজন্মৰ বাবে এটা উৎসাহ জনক বতৰা ৷ আজিৰ সন্ধিয়াটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত হ'ব ৷

মন্ত্ৰী গৰাকীয়ে কয় যে, বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত দেশে দোপতদোপে উন্নতিৰ শিখৰত আৰোহণ কৰিছে ৷ চন্দ্ৰযানৰ সফল অৱতৰণৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিয়ে দেশবাসীৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিব ৷ লগতে আজিৰ দিনটো দেশবাসীৰ বাবে হ'ব ঐতিহাসিক দিন বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে ৷

লগতে পঢ়ক : Chandrayaan 3 landing: জোনবাইৰ দেশৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অপেক্ষাৰত দেশবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.