Rongali Bihu 2023: চিলাপথাৰত ব'হাগী উৎসৱৰ সোণালী জয়ন্তীত অৰুণাচলৰ মুখ্যমন্ত্ৰী

By

Published : May 6, 2023, 2:19 PM IST

thumbnail

জোনাই, ৬ মে':পাঁচ দিনীয়া বৰ্ণাঢ্য় কাৰ্যসুচীৰে যোৱা ২ মে'ৰ পৰা চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ বাকৰতি অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ব'হাগী উৎসৱৰ সোণালী জয়ন্তী বৰ্ষ (Central Bahagi Festival at Silapathar) । এই বৰ্ষৰ চতুৰ্থ দিনৰ কাৰ্যসূচীত শুক্ৰবাৰে সমন্বয়ৰ সাংস্কৃতিক সমাৰোহত মুখ্য অতিথিৰূপে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু,বিশিষ্ট অতিথি সাংসদ তাপিৰ গাঁৱে অংশগ্ৰহণ কৰে (Rongali Bihu 2023 in Dhemaji) ৷

মুখ্য অতিথি হিচাবে উপস্থিত থকা অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে  কয় যে এই বিহুলৈকে প্ৰেমা খাণ্ডুক কেৱল আমন্ত্ৰণ কৰা নাই সমগ্ৰ অৰুনাচলকেই সন্মান দিছে (Arunachal CM Pema Khandu) ৷ অনাগত দিনত অসমীয়া ভাষা শিকিব পেমা খাণ্ডুৱে কয় যে এইবাৰৰ অসমৰ ৰঙালী বিহু সমগ্ৰ বিশ্বতেই পৰিচিত হৈ পৰিছে ৷ আনহাতে, অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ ইতিমধ্যে এম অ' ইউ স্বাক্ষৰ হৈছে ৷ সীমাৰ সমস্যা সমাধান কৰিবলৈ জিলা প্ৰশাসনে স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰা হ'ব ৷ সীমা কেৱল প্ৰশাসন চলাবলৈ ,ভাতৃত্ববোধৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ সকলোৱে প্ৰচেষ্টা ল'ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে  অসমৰ সমৃদ্ধিশালী সংস্কৃতিৰ বৈভৱ শক্তিশালী  ৷ সংস্কৃতিৰ প্ৰতি বৰ্তমান ভাবুকি আহি পৰিছে  ৷ নৱ প্ৰজন্মক নিজৰ সংস্কৃতি ধৰি ৰাখিবলৈ শিকাবলৈ তেওঁ ৰাইজক আহ্বান জনায় ৷ 

লগতে পঢ়ক:Rape Case at Gohpur: গহপুৰত দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জৰিত পাঁচ পাষণ্ডক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.