Drugs seized : কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে কোটি টকাৰ ড্ৰাগছ

By

Published : Aug 12, 2023, 2:26 PM IST

thumbnail

কৰিমগঞ্জ, 12 আগষ্ট: কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা । শিলচৰ ৰামনগৰ আই এছ বি টিত জব্দ কৰে বিপুল পৰিমাণৰ ক’ফ চিৰাপ । ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । কাছাৰ আৰক্ষীয়ে শিলচৰ ৰামনগৰ আই এছ বি টিত 16 চকীয়া বাহনৰ পৰা 48,000 ক’ফ চিৰাপৰ বটল জব্দ কৰে । 

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, কাছাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ৰামনগৰ আই এছ বি টিত এখন গাড়ীৰ পৰা এই বিপুল পৰিমাণৰ নিষিদ্ধ ক’ফ চিৰাপখিনি জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা ক’ফ চিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় 4-5 কোটি টকা হ’ব বুলি আৰক্ষীয়ে কয় । 

নিষিদ্ধ ক’ফ চিৰাপ কঢ়িয়াই অনা বাহনখনৰ চালকজনকো কাছাৰ আৰক্ষীয়ে জিম্মাত লৈছে । ধৃত ব্যক্তিজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক  : Miscreants firing: বিলাসীপাৰাত দুৰ্বৃত্তৰ গুলীচালনাত আঘাতপ্ৰাপ্ত যুৱক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.