১০ কোটি মূল্যৰ নিচাযুক্ত দ্ৰব্যসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কাছাৰ আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 9:53 PM IST

thumbnail

শিলচৰ, ২৫ ডিচেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে কাছাৰ আৰক্ষীৰ অভিযান । এই অভিযানত কাছাৰ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সাফল্য । ৫০ হাজাৰ য়াবা টেবলেটসহ কাছাৰ আৰক্ষীৰ জালত পৰে পাঁচ সৰবৰাহকাৰী । প্ৰায় ১০ কোটি টকাৰ বজাৰ মূল্যৰ এই য়াবা টেবলেটসহ কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় মণিপুৰৰ পাঁচ সৰবৰাহকাৰী ।

এক গোপন সূত্ৰৰ ভিত্তিত সোমবাৰে কাছাৰ আৰক্ষী আৰু বিএছএফৰ যৌথ অভিযানত কাছাৰৰ চালচাপৰাৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ য়াবা টেবলেটখিনি । ML04D 8981 নম্বৰৰ এখন বলেৰো বাহনৰ পৰা আৰক্ষীয়ে তালাচী চলাই পাঁচটা পেকেটত গাড়ীখনৰ বিশেষ চেম্বাৰত লুকুৱাই অনা প্ৰায় ৫০ হাজাৰ য়াবা টেবলেট জব্দ কৰে । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুবুৰীয়া মণিপুৰ ৰাজ্যৰ পাঁচ সৰবৰাহকাৰীক ।

ধৃতসকল ক্ৰমে মুংলেইন খুপ, পি থাংখান লুন, দিপু খান লিয়ান, এন এলেক্স লালজাহাও আৰু পাউলিয়ানমুৱান ৷ জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য আনুমানিক ১০ কোটি টকা হ'ব বুলি জানিবলৈ দিয়ে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে ।

লগতে পঢ়ক :চিৰাঙত টকা নিদিয়াৰ বাবেই চৰকাৰী ঘৰৰ পৰা বঞ্চিতৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.