Python Rescued at Kaliabor: বনাঞ্চলত মুকলি কলিয়াবৰত উদ্ধাৰ হোৱা অজগৰ

By

Published : Jul 28, 2023, 12:00 PM IST

thumbnail

কলিয়াবৰ, 28 জুলাই : কলিয়াবৰৰ ভিন্ন স্থানত ধাৰবাহিকভাৱে বিভিন্ন প্ৰজাতিৰ বিষাক্ত আৰু বৃহদাকাৰ সাপ উদ্ধাৰ কৰা হৈছে ৷ খাদ‍্যৰ সন্ধানত বিভিন্ন প্ৰজাতিৰ সাপ এতিয়া জনাঞ্চলত ৷ বিগত সময়ছোৱাত কেইবাডালো অজগৰ উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলি কৰি দিয়া হৈছে কলিয়াবৰত ৷  

শুকুৰবাৰে কলিয়াবৰ চাহ বাগিচাৰ ১৬ নং লাইনত এটা বৃহদাকাৰ অজগৰ উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই ৷ অজগৰটোৱে এটা ছাগলী ভক্ষণ কৰি থকাৰ সময়ত স্থানীয় লোকে প্ৰত‍্যক্ষ কৰি সঞ্জীৱ ডেকাক খবৰ দিয়ে ৷ সঞ্জীৱ ডেকাই অজগৰটো উদ্ধাৰ কৰি কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৷ অজগৰটো ১১ ফুট দৈৰ্ঘৰ আৰু ৪০ কেজি ওজনৰ বুলি জানিবলৈ দিছে সঞ্জীৱ ডেকাই ৷

লগতে পঢ়ক : Missing Child recovered: নেলীৰ পাহাৰত উদ্ধাৰ এটি কণমানি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.