Missing Child recovered: নেলীৰ পাহাৰত উদ্ধাৰ এটি কণমানি

By

Published : Jul 27, 2023, 8:28 PM IST

thumbnail

মৰিগাঁও, 27 জুলাই : মৰিগাঁও জিলাৰ নেলীত ভয়ংকৰ ঘটনা ৷ অপহৰণ কৰি হত্যাৰ চেষ্টা এটি কণমানিক ৷  নেলীৰ পাহাৰত দুদিন ধৰি আৱদ্ধ কৰি হত্যা কৰিবলৈ চেষ্টা হৈছিল এটি শিশুক ৷ তিনিগৰাকী মানৱদৰদী খৰিকটীয়াই উদ্ধাৰ কৰি শিশুটিক চিকিৎসাধীন কৰিছে ৷ হিন্দী ভাষী শিশুটিৰ নাম নিবাছ বুলি জানিব পৰা গৈছে । বাবলু আৰু আন দুজনে হত্যা কৰাৰ চেষ্টা কৰা বুলি সদৰী কৰে শিশুটোৱে ৷ উমলিং এল পি স্কুলৰ ছাত্ৰ বুলি জানিব পৰা গৈছে শিশুটো ৷ বৃহস্পতিবাৰে নেলীৰ দুজন খৰিকটীয়াই পাহাৰত খৰি কাটিবলৈ যাওঁতে আঘাতপ্ৰাপ্ত অৱস্থাত ১১/১২ বছৰীয়া শিশুটিক প্ৰত্যক্ষ কৰে। শিশুটিক বহু সোধা-পোচা কৰাৰ পিচত শিশুটিৰ ঘৰ কাৰ্বি আংলং জিলাৰ উমলিঙত বুলি উল্লেখ কৰে । সংজ্ঞা ঘুৰাই পোৱাৰ পিছতেই শিশুটিয়ে জানিবলৈ দিয়া মতে দুজন লোকে হত্যা কৰিবলৈ আনিছিল নেলী পাহাৰলৈ। শিশুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্টকৈ পোৱা গৈছে  ৷ কিন্তু সৌভাগ্যক্ৰমে দুৰ্বৃত্তৰ হাতৰ পৰা বাছি গ’ল শিশুটি। 

বৰ্তমান মৰিগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শিশুটি। ঘটনা সন্দৰ্ভত নেলী আৰক্ষী আৰু মৰিগাঁও জিলা আৰক্ষীৰ তদন্তৰ পিছত হে পোহৰলৈ আহিব প্ৰকৃত সত্য।

লগতে পঢ়ক: Child Marriage: বিবাহথলীত অঘটন, দৰাঘৰৰ সলনি উপস্থিত হ’ল আৰক্ষীৰ বাহন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.