Eviction Drive in Chirang: চিৰাঙৰ গৃহহীন খিলঞ্জীয়াক স্থায়ীভাৱে প্ৰদান কৰা হ’ব ভূমি

By

Published : Feb 7, 2023, 8:25 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

কোকৰাঝাৰ ৭ ফেব্ৰুৱাৰী : চিৰাঙৰ ভূমিহীন খিলঞ্জীয়া লোকক ভূমি প্ৰদান কৰা হ’ব ৷ ভূমিহীনক সংস্থাপনৰ বাবে ইতিমধ্যে মাটি চিনাক্ত কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (BTC chief Pramod Boro)৷ বিটিআৰৰ চিৰাং জিলাত বনাঞ্চল বেদখলকাৰীক উচ্ছেদ চলাই থকাৰ সময়তে এই মন্তব্য প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷

মঙলবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে বিটিআৰত বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ বেদখলকাৰী যি লোকেই নহওক কিয় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ অৱশ্যে যিসকল খিলঞ্জীয়া লোকে মাটি-বাৰী নথকাৰ বাবে বেদখল কৰিছে তেওঁলোকক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে (Land to landless people of Chirang)৷

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে কিছু লোকৰ ঘৰ-বাৰী আছে, ব্যৱসায় আছে, কোকৰাঝাৰ চহৰত ডাঙৰ ডাঙৰ অট্টালিকা থকাৰ পাচতো বনাঞ্চলৰ ভূমি বেদখল কৰি আছে ৷ তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দি প্ৰমোদ বড়োৱে কয় যে জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিবই লাগিব ৷

জলবায়ুৰ প্ৰতি ভাবুকি আৰু নৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ পাৰিশ্বিকতা বৰ্তাই ৰখাত গুৰুত্ব দিয়া হ’ব বুলি কয় প্ৰমোদ বড়োৱে ৷ তেওঁ কয়, ‘‘আমাৰ দেশৰ সম্পদ, আমাৰ অঞ্চলৰ সম্পদ, জাতিৰ সম্পদ সুৰক্ষিত কৰাৰ সময় আহি পৰিছে ৷’’ উল্লেখ্য যে, মঙলবাৰে পুৱাৰে পৰা চিৰাঙৰ ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় বন বিভাগে ৷

দেউশ্ৰীৰ কৰাইবাৰী আৰু অক্সিগুৰী অঞ্চলত উচ্ছেদ চলায় বন বিভাগে (Eviction Drive in Chirang)৷ কৰাইবাৰীত ৩০ টা বাসগৃহ আৰু অক্সিগুৰীত ৬৫ টা ঘৰ উচ্ছেদ কৰে বন বিভাগে ৷ উচ্ছেদিত লোকসকল আইপোৱালী, পাটাবাৰী আদি গাঁৱৰ পৰা আহি ব্যাপক হাৰত বনাঞ্চল ধ্বংশ কৰি ঘৰ সাজি আছিল বুলি বন-বিভাগৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷ বন বিভাগে জানিবলৈ দিয়ে যে পূৰ্বেও উক্ত অঞ্চলত চাৰিবাৰকৈ উচ্ছেদ চলোৱা হৈছিল যদিও উচ্ছেদিত লোকসকলে পুনৰ ঘৰ সাজি থাকিবলৈ লয় ৷

লগতে পঢ়ক: Operation Against Child Marriage : গোৱালপাৰাৰ ডিটেনচন কেম্পত স্বামীক বিচাৰি পত্নীৰ ৰুদ্ৰমূৰ্তি

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.