Independence Day 2023: বন্দে মাতৰম ধ্বনিৰে মুখৰিত ভাৰত-বাংলা সীমান্ত

By

Published : Aug 14, 2023, 2:25 PM IST

thumbnail

ধুবুৰী, 14 আগষ্ট: মঙলবাৰে সমগ্ৰ দেশে পালন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক আয়োজন চলিছে । ব্যতিক্ৰম নহয় ভাৰত বাংলা সীমান্তৱৰ্তী জিলা ধুবুৰীটো । ধুবুৰীৰ সীমান্তৱৰ্তী অঞ্চল জিলিকি পৰিলে জাতীয় পতাকাৰে । বন্দে মাতৰম, ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত চৌদিশ ।

সোমবাৰে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ মহমায়া চৰত 49 বি এন বি এছ এফে নাগৰিকৰ মাজত দেশ প্ৰেম জাগ্ৰত কৰাৰ উদ্দেশ্যৰে সীমান্তৱৰ্তী গাঁৱত জাতীয় পতাকা হাতত লৈ শোভাযাত্ৰা উলিয়ায় । ভাৰত মাতা কি জয় আৰু বন্দে মাতৰম ধ্বনিৰে কঁপাই তোলে সীমান্তৱৰ্তী এলেকা । সীমান্ত সুৰক্ষা বাহিনীৰ লগতে সীমান্তৱৰ্তী নাগৰিকৰ হাতে হাতে জাতীয় পতাকা লৈ এইদৰে শোভাযাত্ৰা উলিওৱা হয় । এক সুন্দৰ পৰিৱেশ দেখা পোৱা গ’ল ধুবুৰীৰ ভাৰত বাংলা সীমান্তত ৷

ইপিনে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত কেন্দ্ৰীয়ভাবে উদযাপন হ’ব লগীয়া ৭৭ তম স্বাধীনতা দিৱসৰ বাবে চলিছে পেৰেড অনুশীলন । আৰক্ষী, গৃহৰক্ষী আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰ সকলে অংশ লৈছে পেৰেড অনুশীলনত ।

লগতে পঢ়ক:Cattle Smuggling in Dhubri : ধুবুৰীৰ বালাজানত চোৰাং গৰু জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.