ETV Bharat / state

Cattle Smuggling in Dhubri : ধুবুৰীৰ বালাজানত চোৰাং গৰু জব্দ

author img

By

Published : Aug 12, 2023, 10:04 PM IST

Smuggled Cattle Seized at Balajan in Dhubri
ধুবুৰীৰ বালাজানত চোৰাং গৰু জব্দ

ধুবুৰীৰ বালাজানত 12 টাকৈ চোৰাং গৰু জব্দ আৰক্ষীৰ ৷ শুকুৰবাৰেও অসম-বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীয়ে আলু ভৰ্তি ট্ৰাকৰ পৰা জব্দ কৰে 16 টা চোৰাং গৰু ৷

ধুবুৰীৰ বালাজানত 12 টাকৈ চোৰাং গৰু জব্দ

ধুবুৰী, 12 আগষ্ট : ধুবুৰীৰ বালাজানত বলেৰ পিক আপ বাহনসহ 12 টাকৈ চোৰাং গৰু জব্দ আৰক্ষীৰ ৷ চোৰাং ব্যৱসায়ীৰ তীব্ৰ গতিৰ ট্ৰাক ৰখাবলৈ গৈ কথমপি প্ৰাণ ৰক্ষা বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰুষোত্তম সিঙৰ ৷ শুকুৰবাৰেও অসম-বংগ সীমান্তৰ ছাগলীয়াত 16 টা চোৰাং গৰু জব্দ কৰিছিল আৰক্ষীয়ে ৷

ধুবুৰী জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক নভীন সিঙৰ যোগদানৰ পিছতেই গৰুৰ চোৰাং সৰবৰাহ তথা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে ৷ শনিবাৰে পুৱা ধুবুৰী জিলাৰ বালাজানত আৰক্ষীয়ে পশ্চিমবংগৰ পৰা অসম অভিমুখী বলেৰ পিক আপ বাহনৰ পৰা বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰা 12 টাকৈ গৰু উদ্ধাৰ কৰে ৷

জানিব পৰা মতে, শনিবাৰে দিনৰ পোহৰতেই আৰক্ষীক কেৰেপ নকৰি পশ্চিমবংগৰ পৰা এখন গৰু কঢ়িয়াই অনা WB 63 B 3947 নম্বৰৰ এখন ট্ৰাক প্ৰৱেশ কৰিছিল ধুবুৰী জিলাত ৷ বিষয়টো অৱগত হৈ জিলাখনৰ গোলকগঞ্জৰ আৰক্ষীৰ দলে বাহনখনক খেদি আহে ৷ ইফালে এই খবৰ লাভ কৰি গোলকগঞ্জৰ সমীপৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰুষোত্তম সিঙে নিজৰ বাহন আৰু ড্ৰামেৰে অঞ্চলটোৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন ৰখাবলৈ চেষ্টা কৰে ৷

কিন্তু তীব্ৰ গতিত অহা ট্ৰাকখনৰ চালকে একো কেৰেপ নকৰি বাহনখন চলাই নিয়ে আৰু ৰাজপথত থকা ড্ৰামত খুন্দা মৰাৰ পিছতহে ট্ৰাকখনৰ গতি ৰুদ্ধ হয় ৷ ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে আৰক্ষী বিষয়াগৰাকীৰ ৷ অকস্মাতে সংঘটিত হোৱা এই ঘটনাটোত কেন্দ্ৰ কৰি সৃষ্টি হোৱা হুৱাদুৱাৰ সুযোগ লৈ চালকে ট্ৰাকখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ আৰক্ষীয়ে বাহন খনৰ পৰা 12 টাকৈ গৰু উদ্ধাৰ কৰে ৷

শুকুৰবাৰেও অসম-বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীয়ে আলু ভৰ্তি ট্ৰাকৰ পৰা জব্দ কৰে 16 টা চোৰাং গৰু ৷ এনেদৰে নিতৌ গো সৰবৰাহকাৰীয়ে নতুন নতুন কৌশলেৰে পশ্চিম বংগৰ পৰা ধুবুৰী লৈ আনে চোৰাং গৰু সমূহ ৷ তাৰ পাছত বিভিন্ন চৰাঞ্চলত এক গোট কৰি গৰু সমূহ বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷

লগতে পঢ়ক : Drugs Peddler Detained : নগাঁৱত উত্তম-মধ্যম শোধাই ৰাইজে আৰক্ষীক গতালে ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.