Murder case in Sarupathar: সৰুপথাৰত নৃশংস হত্যাকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 1:05 PM IST

thumbnail

সৰুপথাৰ,১ অক্টোবৰ: সৰুপথাৰৰ ২ নং পদুমনিৰ গাঁওবুঢ়া চুকত নৃশংস হত্যাকাণ্ড । ভাতৃয়ে ৰডেৰে প্ৰহাৰ কৰাৰ ফলত মূৰত বেয়াকৈ আঘাটপ্ৰাপ্ত হৈ মৃত্যু হয় লোকজনৰ ৷ শনিবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ড । ভাতৃয়ে হত্যা কৰে ককায়েক ৰাজীৱ মাহাক । হত্যাকাৰী ভাতৃৰ নাম মহেশ মাহা বুলি জানিবপৰা গৈছে । ৰডেৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰে ৰাজীৱ মাহাক ।  

ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী মহেশ মাহাই ৷ ধৃত হত্যাকাৰী মহেশ মাহাই ডিমাপুৰৰ ঘাচপানীত কাম কৰিছিল ৷ পাৰিবাৰিক কন্দলৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । শনিবাৰে ঘৰলৈ আহিছিল হত্যাকাৰী মহেশ মাহা ৷ উক্ত ঘটনাৰ পাছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত । প্ৰকৃততে তদন্তৰ পিছতেহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য । ইফালে পলাতক হত্যাকাৰীক বিচাৰি সৰুপথাৰ আৰক্ষীৰ অভিযান অব্যাহত ।  

লগতে পঢ়ক: Swachh Bharat Abhiyan in Sivasagar : শিৱসাগৰত এক দিন এক ঘণ্টা একেলগে স্বচ্ছতা অভিযান কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.