Swachh Bharat Abhiyan in Sivasagar : শিৱসাগৰত এক দিন এক ঘণ্টা একেলগে স্বচ্ছতা অভিযান কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 7:11 AM IST

thumbnail

শিৱসাগৰ, ১ অক্টোবৰ : যোৱা ১৫ ছেপ্টেম্বৰ তাৰিখৰ পৰা ২ অক্টোবৰ তাৰিখলৈ ভাৰতত স্বচ্ছতাই সেৱা অভিযান চলাই থকা হৈছে । এই সন্দৰ্ভত শনিবাৰে শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয়ত পৌৰনেত্ৰী মৃণালী কোঁৱৰ আৰু কাৰ্যবাহী বিষয়া কংকণা শইকীয়াই এক সংবাদমেল সম্বোধন কৰে । এই অভিযানৰ অংশৰূপে "এক ঘণ্টা একেলগে স্বচ্ছতা" কাৰ্যসূচী হাতত লোৱা হৈছে ।

শিৱসাগৰ নগৰতো দেওবাৰে অৰ্থাৎ আজি পুৱা ১০ বজাৰ পৰা ১১ বজালৈ চৈধ্যটা ৱাৰ্ডত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । সেয়েহে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত সকলো ৱাৰ্ডত দুটাকৈ কাৰ্যসূচী ঘোষণা কৰা হৈছে । এই কাৰ্যসূচীত সকলো কৰদাতা ৰাইজৰ সহযোগিতা কামনা কৰিছে শিৱসাগৰ পৌৰসভাই ।

প্লাষ্টিক মুক্ত কৰিবৰ বাবে এই স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিব লগা সকলোকে প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছে পৌৰসভাৰ সদস্যসকলে । আনহাতে, এই এদিনৰ এঘণ্টাৰ অনুষ্ঠানৰূপে কেন্দ্ৰীয়ভাৱে ষ্টেচন চাৰিআলিৰ লোহাৰ দলঙৰ সমীপত আৰু দ’ল চাৰিআলিৰ পৰা মুক্তিনাথ চাৰিআলিলৈ এক বিশেষ স্বচ্ছতা অভিযান হাতত লৈছে ।

লগতে পঢ়ক : Artificial Flood in Guwahati: নাৰেংগী, নুনমাটি, ভিআইপি পথৰ ওপৰত একাঠু পানী, কৃত্ৰিম বানৰ কবল মহানগৰবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.