Erosion in Brahmaputra river: ত্ৰস্তমান শিলঘাটৰ নৈপৰীয়া ৰাইজ

By

Published : Oct 8, 2022, 1:02 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ৰবৰবাৰীত চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা(Brahmaputra river erosion at Kaliabor)৷ নদীৰ বুকুত জাহ গৈছে বহু ঘৰ-দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠান । কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ক্ৰমবৰ্ধমান গৰাখহনীয়াই গ্ৰাস কৰিছে ৰবৰবাৰী অঞ্চলৰ মাটি-বাৰী । বিগত এসপ্তাহ ধৰি অব্যাহত থকা প্ৰৱল গৰাখহনীয়াত বিঘাই বিঘাই মাটি জাহ গৈছে লুইতৰ বুকুত । দিন যোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিছে শিলঘাট আশোকাষ্টমী মেলা পথাৰৰ লগতে নৈ-পৰীয়া ৰাইজৰ কৃষিভুমি (Massive river bank erosion)। আনকি শিলঘাট গড়কাপ্তানী পথ পৰ্যন্ত গৰাখহনীয়াৰ কৱলত পৰাৰ শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে । অঞ্চলটোত গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ ব্যক্ত কৰিছে স্থানীয় ৰাইজে । গৰাখহনীয়াই শংকিত কৰি তুলিছে ৰবৰবাৰীৰ নৈপৰীয়া ৰাইজ(Brahmaputra river erosion bring threat) । গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী সমাধানৰ দাবী কৰিছে নৈ-পৰীয়া ৰাইজে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.