মাতৃৰ পিণ্ড দিবলৈ গৈ সন্ধানহীন অনন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 12:37 PM IST

thumbnail

মৰাণ, ২১ নৱেম্বৰ: ডিব্ৰুগড়ৰ মোহনাঘাটত মাতৃৰ পিণ্ড দিবলৈ গৈ সলিল সমাধি হোৱা দুই ভাতৃৰ এজনৰ মৃতদেহ পূৰ্বে উদ্ধাৰ হোৱাৰ পাছত আজি কণিষ্ঠ ভাতৃ অনন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ হয় । আজি ১৩ দিন পিচত মোহনাঘাটৰ সেই স্থানতে উপঙি থকা অৱস্থাত প্ৰত‍্যক্ষ কৰে স্থানীয় ৰাইজে । ইতিমধ্য়ে মৃতদেহটো কণিষ্ঠ ভাতৃ অনন্ত কাকতিৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে । ঘটনা অনুসৰি ৮ নৱেম্বৰৰ  পুৱা অনন্ত কাকতি আৰু ভাতৃ দিগন্ত কাকতিয়ে প্ৰয়াত মাতৃ সাবিত্ৰী কাকতিৰ ছয়মহীয়া পিণ্ডদান দিবলৈ গৈছিল ডিব্ৰুগড়ৰ মোহনাঘাটলৈ। কিন্তু পিণ্ড দিবলৈ ব্ৰহ্মপুত্ৰত নামি গৈ পাৰলৈ ঘুৰি নাহিল দুয়োজন ভাতৃ ।

ঘটনাৰ পাছৰে পৰা NDRFআৰু SDRFসহ স্থানীয় লোকে অভিযান অব্যাহত ৰাখিছিল যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু ঘটনা সংঘটিত হোৱাৰ কেইমিটাৰমান দুৰতে ওপঙি থকা অৱস্থাত ছয় দিনৰ মূৰত উদ্ধাৰ হৈছিল দিগন্ত কাকতিৰ মৃতদেহ । আজি ১৩ দিনৰ মুৰত মোহনাঘাটতে অৱশেষত উদ্ধাৰ হয় সন্ধানহীন হৈ থকা অনন্ত কাকতিৰ মৃতদেহ । ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক:Two Youths Missing In Brahmaputra: ব্ৰহ্মপুত্ৰত মাতৃৰ পিণ্ড দিবলৈ গৈ সন্ধানহীন দুই ভাতৃ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.