Two Youths Missing In Brahmaputra: ব্ৰহ্মপুত্ৰত মাতৃৰ পিণ্ড দিবলৈ গৈ সন্ধানহীন দুই ভাতৃ

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 2:13 PM IST

thumbnail

ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগড়ৰ মোহনাঘাটত বুধবাৰে সংঘটিত হয় এক শোকাবহ ঘটনা । মহাবাহু ব্ৰহ্মপুত্ৰত মাতৃৰ পিণ্ড দিবলৈ গৈ সন্ধানহীন হয় দুই ভাতৃ ৷ ইয়াকে লৈ এতিয়া ডিব্ৰুগড়ৰ আমোলাপট্টিৰ অনন্ত কাকতি আৰু বাবা কাকতিৰ ঘৰত বিৰাজ কৰিছে শোকাকুল পৰিবেশে ৷ আনফালে এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অব‍্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

উল্লেখ্য যে, মাতৃৰ ছমহীয়া পিণ্ড দিবলৈ আজি পুৱা ব্ৰহ্মপুত্ৰৰ ঘাটত উপস্থিত হয় দুই ভাতৃ ৷ কিন্তু পিণ্ডদানৰ ৰীতি-নীতি পালন কৰি থকা সময়তে মহাবাহুৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে দুই ভাতৃক । এই খবৰ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত এছ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ 

বাতৰি লিখা পৰলৈকে যুৱকদ্বয়ৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দল । ইফালে ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ ডিব্ৰুগড়ৰ মাজমজিয়াত সংঘটিত উদ্ধাৰ অভিযানটো প্ৰশাসনে বহু পলমকৈ আৰম্ভ কৰিবলৈ সক্ষম হোৱাৰ অভিযোগ কৰে ৷

লগতে পঢ়ক: Man Missing: ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন এগৰাকী ব্যক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.