Assamese boy punished: এসাঁজ ভাত খোৱাৰ বাবে অসমীয়া যুৱকক অপমান, ভুল স্বীকাৰ বিজয় নাইডুৰ

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:12 PM IST

thumbnail

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : এসাজ ভাত খোৱাৰ বাবে অসমীয়া যুৱকক অপমান কৰি বিতৰ্কত সোমাই পৰা Blue Paradise ৰ স্বত্বাধিকাৰী বিজয় নাইডুৱে মঙলবাৰে এক সংবাদমেল আয়োজন কৰি অনাকাংক্ষিত ঘটনাৰ বাবে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে। সংবাদ মাধ্যমৰ আগত নাইডুৱে কয় যে, প্ৰায়েই Blue Paradise ত অনিমন্ত্ৰিত এনে বহু যুৱক বিবাহৰ অনুষ্ঠানত খাবলৈ আহে। এনে কাৰণত আমি গ্ৰাহকৰ পৰা প্ৰায়ে কথা শুনিবলগীয়া হয়।

"উদ্দেশ্যপ্ৰণোদিতভাৱে যুৱকজনক অপমান কৰাৰ উদ্দেশ্যে মোৰ নাছিল। তাৰোপৰি যুৱকজনক সামাজিক মাধ্যমত কাণত ধৰি উঠা বহা কৰা ভিডিঅ‘ মই ভাইৰেল কৰা নাই ৷ এই কাম মোৰ অজ্ঞাতে মোৰ কৰ্মচাৰীয়ে কৰিছে। সেই কথা মই জানিব পাৰি কৰ্মচাৰীজনৰ বিৰূদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছো ৷" নাইডুৱে সংবাদ মেলখনত সদৰী কৰে ৷  

আনহাতে Blue Paradise ৰ স্বত্বাধিকাৰী বিজয় নাইডুক অনা অসমীয়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশিত বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, তেওঁ এজন প্ৰকৃত অসমীয়া। তেওঁৰ জন্মস্থান তেজপুৰত । অনা অসমীয়া বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিৰ বাবে মতেওঁ যথেষ্ট দুখ পোৱাৰ লগতে মানসিকভাৱে অত্যন্ত মৰ্মাহত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ 

লগতে পঢ়ক: Assamese boy punished: এসাঁজ ভাতৰ বাবে অসমীয়া যুৱকক চূড়ান্ত শাস্তি অনা অসমীয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.