Organisational meeting of BJP in Tamulpur:বিজেপিৰ সাংগঠনিক দিশত পৰিবৰ্তনৰ ইংগিত ভবেশ কলিতাৰ

By

Published : Aug 5, 2023, 6:40 PM IST

thumbnail

বাক্সা, ৫ আগষ্ট: তামুলপুৰত অনুষ্ঠিত হ'ল ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বিশেষ সভা । বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰে নৱনিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুই । উল্লেখ্য় যে ৰবীন্দ্ৰ ৰাজুৰ এইখন প্ৰথমখন সাংগঠনিক সভা । এই সভাখনত অংশগ্ৰহণ কৰে দলৰ সদ্য বিদায়ী সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাছাৰ লগতে বহু কেইগৰাকী শীৰ্ষ নেতাই ।

ইয়াৰ পিচতেই দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে সমষ্টিৰ সালসলনিৰ সমান্তৰালকৈ বিজেপিৰ সাংগঠনিক দিশতো পৰিবৰ্তন হ'ব । সাংগঠনিক দিশৰ লগতে লোকসভা নিৰ্বাচন সম্পৰ্কতো আজি আলোচনা কৰা বুলি তেওঁ কয় । বিজেপিৰ সহযোগত বিটিচিত প্ৰমোদ বড়োই ভালকৈ শাসন চলাই আছে বুলিও মন্তব্য় কৰে ভবেশ কলিতাই ৷  
লগতে পঢ়ক:Guwahati Traffic: গুৱাহাটী মহানগৰীৰ শিৰত যান-বাহনৰ অভাৱনীয় বোজা; দৈনিক চলাচল 10 লক্ষাধিক বাহনৰ

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.