ETV Bharat / state

Guwahati Traffic: গুৱাহাটী মহানগৰীৰ শিৰত যান-বাহনৰ অভাৱনীয় বোজা; দৈনিক চলাচল 10 লক্ষাধিক বাহনৰ

author img

By

Published : Aug 5, 2023, 5:57 PM IST

গুৱাহাটীত এটা দশকত ১৩ লাখৰো অধিক বাহনৰ পঞ্জীয়ন ৷ যান-জঁটৰ সমস্যাই লৈছে ভয়াৱহ ৰূপ ৷ গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থা সুচল কৰাৰ বাবে শ শ কোটি টকা ব্যয় কৰি এখনৰ পাচত আনখনকৈ নিৰ্মাণ কৰা হৈছে উৰণীয়া সেতু ৷ যান-জঁটৰ সমস্যা সমাধান হোৱাৰ বিপৰীতে দিনক দিনে অধিক ভয়াৱহ হৈ পৰিছে ৷ গুৱাহাটীত জনসংখ্যাৰ বিপৰীতে বাহনৰ সংখ্যা বেছি ৷

Guwahati Traffic
Guwahati Traffic

গুৱাহাটী, ৫ আগষ্ট: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত যান-জঁটৰ সমস্যাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ এক কথাত ক'বলৈ গ'লে এই সমস্যা লাহে লাহে অধিক জটিলতাৰ দিশে গতি কৰিছে ৷ গুৱাহাটী মহানগৰীৰ বাট-পথৰ অৱস্থা প্ৰায় একেই আছে যদিও জনসংখ্যা আৰু যান-বাহনৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷

ইফালে বৰ্তমান সময়ত দুচকীয়া নাইবা চাৰিচকীয়া বাহন ক্ৰয় কৰাটো যথেষ্ট সহজসাধ্য হৈ পৰিছে ৷ তদুপৰি মহানগৰীৰ ব্যস্ততাপূৰ্ণ জীৱনত বাহনৰ প্ৰয়োজনীয়তাও নোহোৱা নহয় ৷

এনে প্ৰেক্ষাপটত গুৱাহাটী মহানগৰীত দিনক-দিনে যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ট্ৰেফিক ব্যৱস্থাটো অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ অসম চৰকাৰে গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থা সুচল কৰাৰ বাবে শ শ কোটি টকা ব্যয় কৰি এখনৰ পাচত আনখন উৰণ সেতু নিৰ্মাণ কৰাৰ উপৰি পদপথ, পদ দলং, পথ বিভাজক নিৰ্মাণ কৰি আছে ৷ কিন্তু তথাপিও মহানগৰৰ যান-জঁটৰ সমস্যা সমাধান হোৱা নাই ৷ বৰং দিনক দিনে অধিক ভয়াৱহ হৈ পৰিছে ৷

এই ক্ষেত্ৰত মূলতঃ যান-বাহনৰ সংখ্যা বৃদ্ধিয়ে ব্যাপক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ জনসংখ্যাৰ লগতে যান-বাহনৰ সংখ্যা বৃদ্ধিয়ে গুৱাহাটীৰ বৰ্তমানৰ এই যান-জঁটৰ সমস্যাক অনাগত দিনত আৰু অধিক ভয়াৱহ কৰি তোলাটো প্ৰায় নিশ্চিত ৷ লক্ষণীয় বিষয় যে বিগত ১০ বছৰত গুৱাহাটীত ১৩ লাখৰো অধিক বাহন পঞ্জীয়ন কৰা হৈছে ৷ এই তথ্য কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ৷

উল্লেখ্য যে ২০১২-১৩ বৰ্ষত প্ৰায় ৬০ হাজাৰ বাহন পঞ্জীয়ন হৈছিল যদিও এতিয়া এই সংখ্যাই লাখৰ ঘৰ স্পৰ্শ কৰিছে ৷ পৰিস্থিতি এনে অৱস্থালৈ গতি কৰিছে যে গুৱাহাটী মহানগৰীৰ জনসংখ্যাৰ বিপৰীতে বৃদ্ধি পাইছে গাড়ী মটৰৰ সংখ্যা ৷ গুৱাহাটীত জনসংখ্যাৰ বিপৰীতে যান-বাহনৰ সংখ্যা প্ৰতিবছৰে বৃদ্ধি পাই গৈ আছে ৷

তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ বর্তমান জনসংখ্যা প্ৰায় ১২ লাখ ৷ ২০২২ চনত গুৱাহাটীত জনসংখ্যা আছিল প্ৰায় চাৰে এঘাৰ লাখ ৷ সেইদৰে ২০২১ চনত ১১,৩৫,০০০ গৰাকী আৰু ২০২০ চনত ১১,১৭,০০০ গৰাকী আছিল গুৱাহাটীৰ জনসংখ্যা ৷ ২০১১ চনৰ সমীক্ষা অনুসৰি ২০১১ চনত গুৱাহাটীৰ জনসংখ্যা আছিল ৯,৫৭,৩৫২ গৰাকী ৷

ইয়াৰ বিপৰীতে ১৯৯১ চনত গুৱাহাটীৰ জনসংখ্যা আছিল ৬,৪৬,১৬৯ গৰাকী আৰু ২০০১ চনত আছিল ৮,৯০,৭৭৩ গৰাকী ৷ উল্লেখ্য যে ১৯৫০ চনত গুৱাহাটীত জনসংখ্যা আছিল মাত্ৰ ৪২,৫০৪গৰাকী ৷

লক্ষণীয় বিষয় যে গুৱাহাটীত বৃদ্ধি পোৱা জনসংখ্যা অনুপাতে বাট-পথৰ পৰিসৰ বৃদ্ধি পোৱা নাই ৷ বৰং ঘন জনবসতিৰ লগতে গঢ় লৈ উঠা বিভিন্ন নিৰ্মাণ কাৰ্যৰ ফলত গুৱাহাটীৰ পথসমূহ অধিক ঠেক হৈ পৰিছে ৷ এনে পৰিস্থিতিত গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যাটো অধিক চিন্তনীয় হৈ পৰিছে ৷

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ সমীক্ষা অনুসৰি অনাগত সময়ত গুৱাহাটী মহানগৰীৰ ৰাজপথত চলাচল কৰা বাহনৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাব ৷ সমীক্ষা অনুসৰি ২০০৪ চনত গুৱাহাটীৰ ৰাজপথত প্ৰতিদিনে চলাচল কৰা ১০,৯৪৯ খন দুচকীয়া বাহনৰ সংখ্যা ২০২৫ চনত ৬০,২১৯ খনলৈ বৃদ্ধি হ’ব ৷ সেইদৰে ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ৩,৯৩৯ খন অটো ৰিক্সাৰ সংখ্যা ২০২৫ চনত ১৪,৯৫৭ খনলৈ বৃদ্ধি পাব ৷

আনহাতে ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১৫,৪৭৫ খন ব্যক্তিগত বাহনৰ সংখ্যা ২০২৫ চনত ৬৬,৯৪২ খনলৈ বৃদ্ধি পাব ৷ সেইদৰে চিটিবাছৰ সংখ্যা ২,০১৩ খনলৈ বৃদ্ধি পাব ৷ সামগ্ৰী কঢ়িওৱা বাহনৰ সংখ্যা ৩৮,৭৬৪খনলৈ বৃদ্ধি হ’ব ৷

প্ৰাধিকৰণৰ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি মহানগৰীৰ ভিতৰত ১৮.২ শতাংশ লোকে খোজকাঢ়ি, ৪৪.৫ শতাংশ লোকে ব্যক্তিগত বাহনত, ৩০.২ শতাংশ লোকে বাছত আৰু ৬.৭ শতাংশ লোকে চাইকেলকে ধৰি অন্যান্য বাহনেৰে যাতায়াত কৰে ৷

লক্ষণীয় বিষয় যে গুৱাহাটীৰ উপৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্যৰ পৰা অহা যথেষ্ট সংখ্যক বাহনো দৈনিক গুৱাহাটীত চলাচল কৰে ৷ তথ্য অনুসৰি দৈনিক ত্ৰিপুৰাৰ পৰা প্ৰায় চাৰি হাজাৰ, মেঘালয়ৰ পৰা পাঁচ হাজাৰ, মিজোৰামৰ পৰা দুই শতাধিক, নাগালেণ্ড আৰু মণিপুৰৰ পৰা সহস্ৰাধিক বাহন গুৱাহাটীলৈ আহে ৷

বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত দৈনিক ১০ৰ পৰা ১২ লাখ বাহনৰ চলাচল হয় ৷ গতিকে গাড়ীৰ সংখ্যা বৃদ্ধিৰ বাবেই যানজঁটৰ সমস্যাও তীব্ৰতৰ হৈ পৰিছে ৷ এই সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও কোনো সুফল পৰিলক্ষিত হোৱা নাই ৷ এনে পৰিস্থিতিত সমাগত দুৰ্গোৎসৱত গুৱাহাটীৰ ৰাজপথত ওলাই অহাটোৱেই কঠিন হৈ পৰিব সেয়া নিশ্চিত ৷

লগতে পঢ়ক: Japanese encephalitis in Assam: ৰাজ্যত ২৫৪ জন লোক জাপনীজ এনকেফেলাইটিছত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.