Clash between BJP and AAP in Nagaon : বিজেপিৰ কৰ্মীয়ে আপ নেতাক আক্ৰমণ কৰাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:42 AM IST

thumbnail

নগাঁও, 2 অক্টোবৰ : নগাঁৱত আম আদমী পাৰ্টীৰ এগৰাকী নেতা আক্ৰমণৰ বলি হোৱা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । দেওবাৰে নিশা আপৰ নেতা ৰ'জ ৰচিদ কাকতিক প্ৰহাৰ কৰাৰ অভিযোগ এগৰাকী বিজেপি সমৰ্থকৰ বিৰুদ্ধে । জানিব পৰা মতে, দেওবাৰে সন্ধিয়া ৰ'জ ৰচিদ কাকতি নামৰ আপৰ নেতাগৰাকীয়ে দোকানৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল ৷

তেনে সময়তে বিজেপি চৰকাৰ আৰু আম আদমী পাৰ্টীক লৈ তৰ্ক যুদ্ধত লিপ্ত হয় ৰ'জ ৰচিদ কাকতি আৰু বিজেপি সমৰ্থকগৰাকীৰ মাজত । তাৰ পিচতেই আম আদমী পাৰ্টীৰ নেতাগৰাকীক বিজেপি সমৰ্থকগৰাকীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে কথা কোৱাৰ বাবেই প্ৰহাৰ কৰাৰ অভিযোগ আম আদমী পাৰ্টীৰ নেতাৰ ।

পুতুল বৰা আৰু ভাস্কৰ নামৰ দুই যুৱকৰ বিৰুদ্ধে উঠিছে প্ৰহাৰ কৰাৰ অভিযোগ । পুতুল বৰা আৰু ভাস্কৰ দুয়োজন যুৱক বিজেপি দলৰ সমৰ্থক বুলি সন্দেহ প্ৰকাশ কৰিছে আপৰ নেতাগৰাকীয়ে । ইতিমধ্যে হয়বৰগাঁও আৰক্ষী চকীত ৰ'জ ৰচিদ কাকতিয়ে তেওঁক প্ৰহাৰ কৰা যুৱক কেইজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

লগতে পঢ়ক : Gandhi Jayanti 2023 : মৰাণত উপেক্ষিত হৈ ৰ'ল মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু গান্ধী উদ্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.