Rupjyoti Kurmi upset: মৰিয়নীত বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ; আধুনিকীকৰণৰ পোষকতা বিধায়ক কুৰ্মীৰ

By

Published : May 31, 2023, 10:27 PM IST

thumbnail

যোৰহাট, 31 মে’: মৰিয়নী সমষ্টিৰ অন্তৰ্গত দহোটিয়াৰ ৰে’লৰ আলিৰ কাষৰ হোলাত আবদ্ধ হোৱা গঁড়জনী ১২ ঘণ্টাৰ পিচটো উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল যোৰহাট জিলা বন বিভাগ । হোলা সদৃশ নলাত আৱদ্ধ হৈ থকা প্ৰাপ্তবয়স্ক গঁড়জনী ট্ৰেংকুলাইজ কৰাৰ পূৰ্বেই হোলাৰ পৰা উঠি জনাঞ্চলত প্ৰবেশ কৰে ৷ গঁড়জনীয়ে হঠাৎ জনাঞ্চললৈ লৰ মৰাত কথমপি প্ৰাণ ৰক্ষা পৰে সেই স্থানত থকা ভালেসংখ্যক লোকৰ (Rhino stuck in Mud)  ।  

উল্লেখ্য যে, গঁড়জনী উদ্ধাৰৰ বাবে গুৱাহাটীৰ পৰা ৰাজ্যিক চিৰিয়াখানাৰ পৰা মৰিয়নীত উপস্থিত হয় উদ্ধাৰকাৰীৰ দল ৷ কিন্তু উদ্ধাৰকাৰী দলটোৱে তিনিঘণ্টা অপেক্ষা কৰাৰ পিচতো বন বিভাগে প্ৰয়োজনীয় সা-সঁজুলি যোগাৰ কৰিব নোৱাৰিলে ৷ ইফালে বন বিভাগৰ হেমাহিৰ বাবে গঁড়টো উদ্ধাৰত পলম হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে (Rhino stuck in mud at Morioni)। 

লগতে পঢ়ক: Rhino stuck in mud : বোকাত আৱদ্ধ গঁড়ক উদ্ধাৰৰ চেষ্টা বন বিভাগৰ

ফলত উপযুক্ত আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত কাৰিকৰী কৌশলৰ অভাৱত মৃত্যুৰ দিশে গতি কৰিছে চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত থকা বন বিভাগ নামৰ বিশেষ বিভাগটো । আতংকিত স্থানীয় ৰাইজে, ডি এফ অ’ মুৰ্দবাদ, বন বিভাগ মুৰ্দবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ ।

গঁড়টো উদ্ধাৰৰ বাবে পৰ্যাপ্ত সা-সঁজুলি নথকাৰ বাবে গঁড়টো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ল উদ্ধাৰকাৰী দল । বন বিভাগ এই কাৰ্যক প্ৰকৃতি প্ৰেমী লোকসকলেও ধিক্কাৰ প্ৰদান কৰে ৷ উক্ত স্থানত দেখা গ’ল স্থানীয় বিধায়ক ৰূপজোতি কুৰ্মীকো । বন বিভাগৰ কাৰ্যক সমালোচনা বিধায়ক কুৰ্মীৰ (infrastructural development of Assam Forest) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.