যোৰহাটত বিজেপিৰ বিশাল যোগদান সভা

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 11:05 PM IST

thumbnail

যোৰহাট, 22 ডিচেম্বৰ: সমাগত লোকসভা নিৰ্বাচন আৰু এই উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ স্বাৰ্থত যোৰহাট জিলাত বাহৰ পাটিছে চাৰিজনকৈ কেবিনেট মন্ত্ৰীয়ে ৷ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ভেঁটি তৃণমূল পৰ্যায়ত অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো সমষ্টিত নামি পৰিছে বিজেপিৰ মন্ত্ৰীৰ পৰা আদি কৰি বিধায়কসকল ।

শুকুৰবাৰে যোৰহাট জিলাৰ বি জে পি ৰ জিলা কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সদস্য, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা দিব্যাজ্যোতি শইকীয়া, কংগ্ৰেছৰ দখল থকা কেইবাখনো পঞ্চায়তৰ সভাপতি, সদস্য আৰু ২০ জনৰো অধিক অধিবক্তাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । 

তাৎপৰ্যপূৰ্ণ যে, কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ত জড়িত আৰু সৰসংখ্যক অধিবক্তাই আজি বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰাটোৱে দলটোক অধিক সঞ্জীৱনী শক্তি প্ৰদান কৰিব বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে । 

উল্লেখ্য যে, গৌৰৱ গগৈয়ে নগাঁও, কাজিৰঙাৰ লগতে যোৰহাট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ লগে লগে বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে । বিজেপিয়ে যোৰহাটত দেখুওৱা শক্তি প্ৰদৰ্শনৰ সৈতে কংগ্ৰেছে কেনেদৰে মোকাবিলা কৰিব সেয়া সময়তহে গম পোৱা যাব ।

লগতে পঢ়ক : ৰঙিয়াত দুই সহস্ৰাধিক লোকৰ বিজেপিত যোগদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.