ETV Bharat / state

ৰঙিয়াত দুই সহস্ৰাধিক লোকৰ বিজেপিত যোগদান

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 9:52 PM IST

ৰঙিয়াত শনিবাৰে বিজেপি দলৰ বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় । সমাৰোহত দুই সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৷

bjp meeting rangia
ৰঙিয়াত দুই সহস্ৰাধিক লোকৰ বিজেপিত যোগদান

ৰঙিয়াত দুই সহস্ৰাধিক লোকৰ বিজেপিত যোগদান

ৰঙিয়া, 25 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে । ৰঙিয়াত শনিবাৰে বিজেপি দলে বিশাল যোগদান সমাৰোহ অনুষ্ঠিত কৰে । যোগদান সমাৰোহত দুই সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

যোগদান পৰ্বৰ পূৰ্বে ৰঙিয়াত শাসক পক্ষই শক্তি প্ৰদৰ্শন কৰে । ৰঙিয়াত বিজেপি দলত বৃহৎ যোগদান পৰ্বৰ পূৰ্বে কেবিনেট মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ উপস্থিতিত ৰঙিয়াৰ মাজেৰে বিজেপি তথা সমৰ্থকে বৃহৎ সমদল বাহিৰ কৰে । সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত পদযাত্ৰাৰ নেতৃত্বত মন্ত্ৰী পীযুষ হাজৰীকা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়ায়ো ৰঙিয়াৰ মুলপথ সমূহেৰে যাত্ৰা কৰে ।

দলটোৰ সমৰ্থকসকলে হাতে-হাতে বিজেপিৰ পতাকা লৈ নাচি-বাগি যাত্ৰা কৰা পৰিলক্ষিত হয় । ৰঙিয়াৰ ছ'চাইটি চ’কৰ পৰা আৰম্ভ হোৱা উক্ত সমদল ৰঙিয়াৰ মূলপথসমূহেৰে আগবাঢ়ি ৰঙিয়াৰ হিন্দী হাইস্কুলৰ খেলপথাৰত অন্ত পৰে । সমদলৰ অন্তত হিন্দী হাইস্কুলৰ খেলপথাৰত আয়োজন কৰা সভাখনত কংগ্ৰেছ, অসম জাতীয় পৰিষদ, আম আদমী পাৰ্টী, চিপিআইএমকে ধৰি বিভিন্ন বিভিন্ন দল-সংগঠনৰ লোকে বিজেপি দলত যোগদান কৰে ।

নতুনকৈ বিজেপি দলত যোগদান কৰা কৰ্মীসকলক ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ দিলীপ শইকীয়াই আদৰণি জনায় । সভাখনত মন্ত্ৰী পীযুষ হাজৰীকাই দেশত পুনৰবাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰি বিজেপি চৰকাৰে কৰা কামৰ বাবেই ৰাইজে বিজেপি চৰকাৰক ভোট দিব বুলি মন্তব্য কৰে ।

ইয়াৰোপৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিজেপি চৰকাৰে ৰাইজৰ বাবে যিমান কৰিছে আজিলৈ কোনো দলেই ইমান কাম কৰা নাই । অহা লোকসভাত বিজেপি মিত্ৰজোঁটে ১২ খন আসন নিশ্চিতভাৱে লাভ কৰিব বুলি উল্লেখ কৰি ৰাইজৰ দলৰ লগত ৰাইজেই নাই বুলি কটাক্ষ কৰে । নাম নজনা দলৰ লগত কংগ্ৰেছৰ জোঁটবন্ধন থকা বুলি মন্তব্য কৰি কংগ্ৰেছৰ দিনত APSC ৰ চাকৰি পঞ্চাছ লাখত বিক্ৰী হৈছিল বুলি অভিযোগ উত্থাপন কৰে ।

ঔৰংজেৱ, বাবৰৰ আদৰ্শৰে গঠিত কংগ্ৰেছ দলে বিহু-পূজাত টকা দিয়াৰ কথা ভাবিবই নোৱাৰে বুলিও কয় । কংগ্ৰেছ দলে বাংলাদেশী থকা এলেকাতহে দুই-এটা ছীট পাব বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই । বিজেপি চৰকাৰৰ উন্নয়ন দেখি বহু বিৰোধী দলে দিগ-বিদিক হেৰুৱাইছে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ।

লগতে পঢ়ক : মিত্ৰ দলক আমি কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ : ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.