ETV Bharat / state

মিত্ৰ দলক আমি কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ : ৰণজিৎ কুমাৰ দাস

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 8:14 PM IST

Minister Ranjeet Kumar Dass Slams Oppositions
বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন

বাক্সাত বিজেপিৰ এক কাৰ্যকৰ্তা সন্মিলনত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিৰোধীক তীব্ৰ কটাক্ষ কৰে ৷ নিৰ্বাচন শেষ হোৱাৰ পাছত বিৰোধীয়ে দুই তিনি বছৰমান নীৰৱে থাকে ৷ পুনৰ যেতিয়া নিৰ্বাচন আহে তেতিয়া আকৌ ভেকুলীৰ দৰে বিৰোধীয়ে মাতি থাকে বুলি মন্তব্য কৰে তেওঁ ৷

ৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

বৰপেটাৰোড, 25 নৱেম্বৰ : "নিৰ্বাচন আহিলে বহুতেই কয় তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা, ইণ্ডিয়া মৰ্চা কিবাকিবি ওলাইছে ৷ বাৰিষা আহিলে যিদৰে ভেকুলীয়ে টোৰ টোৰ কৰি থাকে ঠিক তেনেকৈ বিৰোধীয়ে নিৰ্বাচন আহিলে তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা, ইণ্ডিয়া মৰ্চা গঠন কৰা বুলি টোৰটোৰাই থাকে ৷ কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত বিজেপিৰ চৰকাৰ হয় ৷"এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

বাক্সাৰ মথনগুৰি সমষ্টিৰ বেলগুৰীত শনিবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ এক কাৰ্যকৰ্তা সন্মিলনত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিৰোধীক তীব্ৰ কটাক্ষ কৰি কয় যে, নিৰ্বাচন শেষ হোৱাৰ পাছত বিৰোধীয়ে দুই তিনি বছৰমান নীৰৱে থাকে ৷ তাৰপাছত পুনৰ যেতিয়া নিৰ্বাচন আহে তেতিয়া আকৌ ভেকুলীৰ দৰে বিৰোধীয়ে মাতি থাকে বুলি বিৰোধীক তীব্ৰ কটাক্ষ কৰে তেওঁ ৷

এতিয়া আৰু বিৰোধী নাই বুলি উল্লেখ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পুনৰ কয় বিপিএফ নাইয়েই ৷ বাক্সাৰ জাখলিবিল, বেলগুৰি অঞ্চলত আগতে বিপিএফৰ পৰা সুবিধা লোৱাৰ বাবে মাত্ৰ দুই এক আছে ৷ কিন্তু সেই দুই-এক বিজেপিৰেই মানুহ ৷ মথনগুৰি পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গৌতম দাসে পাচঁ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছিল ৷ জাখলিবিল-বেলগুৰিৰ বাঙালী মানুহক সন্মান জনাই সেৱা কৰাৰ বাবেহে বিজেপিয়ে কাৰ্যকৰ্তা সন্মিলন আয়োজন কৰা হৈছে বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰা হৈছে ৷ ভাৰতীয় জনতা পাৰ্টি আৰু ইউপিপিএলৰ মূল লক্ষ্য শান্তি স্থাপন কৰা ৷ বিগত তিনিটা বছৰত কোনোধৰণৰ গণ্ডগোল হোৱা নাই, হত্যা-হিংসা হোৱা নাই বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

নিৰ্বাচন আয়োগে ঘোষণা কৰা মানাহ সমষ্টিত বিজেপিৰ পাচঁ হাজাৰ কাৰ্যকৰ্তাই লাগি কোকৰাঝাৰ লোকসভাত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীক সৰ্বাধিক ভোট দিব বুলি কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মথনগুৰিৰ দৰে শালবাৰীতো কাইলৈ বিজেপিৰ বিশাল কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিয়ে তেওঁ ৷ আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত বিজেপি, অগপ, ইউপিপিএল আৰু জি এছ পিৰ সন্মিলিত মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী জয়ী হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, বিটিআৰত সম্প্ৰতি ট্ৰিপ’ল ইঞ্জিনৰ চৰকাৰ চলি আছে ৷ মোদী চৰকাৰ, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু প্ৰমোদ বড়োৰ চৰকাৰে বিটিআৰত উন্নয়নৰ গংগা বোৱাই দিছে ৷ চাউল আৰু আয়ুষ্মান কাৰ্ড যাতে এক লাখ ষাঠি হাজাৰ মানুহক দিব পাৰি তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ কাৰ্যকৰ্তা সন্মিলনত বি টি আৰৰ ই এম গৌতম দাসকে ধৰি কেইবাজনো বিজেপি নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : লোকসভালৈ অগপৰ সাংসদ নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি দাবী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.