Birth anniversary of Sankardev:বৰতলাত ৬ দিনীয়াকৈ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:05 PM IST

thumbnail

নলবাৰী, ২৫ ছেপ্টেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীক লৈ ৰাজ্যৰ সত্ৰ, নামঘৰ আদিত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ সত্ৰ,নামঘৰসমূহ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ বৰতলাতো গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয় । পুৱাৰে পৰা হৰি নামৰ ধ্বনি, খোল-তালৰ মাতত মুখৰিত হৈ পৰে গাঁৱখন ।

বৰতলাস্থিত শংকৰদেৱ নামঘৰ প্ৰাংগণত ৬ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে গুৰুজনাৰ জন্মজয়ন্তী । গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে আজি গাঁওখনত উলিওৱা হয় ভাগৱত শোভাযাত্ৰাত। গাঁওখনৰ প্ৰতিঘৰৰ পদুলিয়ে পদুলিয়ে ভাগৱত লৈ শোভাযাত্ৰা কৰা হয় । গাঁওখনৰ পুৰুষ-মহিলা, যুৱক-যুৱতী সকলোৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক:Srimanta Sankardeva 575th birth anniversary: শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.