Bilasipara congress protest against BJP : BJP য়ে ৰাহুল গান্ধীক ৰাৱণ আখ্যা দিয়াক কেন্দ্ৰ কৰি বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:30 PM IST

thumbnail

বিলাসীপাৰা, 8 অক্টোবৰ : আকৌ প্ৰতিবাদ ৷ দেওবাৰে পুৱাই এইবাৰ প্ৰতিবাদত উত্তাল হ’ল বিলাসীপাৰা গান্ধী চ’ক ৷ শেহতীয়াকৈ বিজেপিয়ে ৰাহুল গান্ধীক ৰাৱণ বুলি আখ্যা দি সামাজিক মাধ্যমত প্ৰচাৰ চলাইছিল ৷ বিজেপিৰ উক্ত কাৰ্যত ক্ষুব্ধ হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ দেওবাৰে দিনৰ প্ৰায় 11 বজাত পশ্চিম বিলাসীপাৰাৰ নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত চৰকাৰ বিৰুদ্ধে শ শ কংগ্ৰেছী কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

সকলোৰে জ্ঞাত যে, যোৱা 5 অক্টোবৰৰ দিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰামায়ণৰ ৰাৱণৰ চৰিত্ৰৰ সৈতে তুলনা কৰি বিজেপিয়ে X টুইটাৰযোগে এখন বিকৃত ফটো শ্বেয়াৰ কৰিছিল ৷ সেই ফটোখনক কেন্দ্ৰে কৰি দেশৰ কংগ্ৰেছী সমৰ্থকসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰা নায়েৰ আলগা ব্লক কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

চহৰত মাজমজিয়াত থকা গান্ধী চ’কত বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি গ’ বেক, বিজেপি হুচিয়াৰ, ৰাহুল গান্ধীক অপমান কৰা সহ্য কৰা নহ’ব আদি বিভিন্ন শ্ল’গানেৰে কংগ্ৰেছ নেতা কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : Congress MLA participated Amrit Kalah Yatra; অমৃত কলহ যাত্ৰত অংশ লোৱা কংগ্ৰেছী বিধায়কসকল যদি বিজেপিৰ এজেন্ট, তেনে তলা লগাওক ৰাজীৱ ভৱনত; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.