Srimanta Sankaradeva Sangha Bike Rally : শংকৰ সংঘৰ অধিৱেশনৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে ৰঙিয়াত বাইক ৰেলী

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 5:25 PM IST

thumbnail

ৰঙিয়া, ১১ নৱেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ উদ্যোগত ৰঙিয়াত শনিবাৰে এক বাইক ৰেলী উলিওৱা হয় । আগন্তুক বৰ্ষত ৰঙিয়াত অনুষ্ঠিত হ'বলগীয়া ৯৩ সংখ্যক শংকৰ সংঘৰ অধিৱেশনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই ৰেলী উলিওৱা হয় । এই বাইক ৰেলীৰ শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ উদ্যোগত বাহিৰ কৰা এই বাইক ৰেলীটোত কেইবা শতাধিক সেৱা বাহিনীৰ সদস্যই অংশগ্ৰহণ কৰে । ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ লগতে ছয়টা বিধানসভা সমষ্টিৰ শংকৰ সংঘৰ ১৩ টা আঞ্চলিক শাখাৰ সদস্যসকলে এই ৰেলীত অংশগ্ৰহণ কৰে ।

এই ৰেলীৰ জৰিয়তে আগন্তুক ৰঙিয়া অধিৱেশনৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলোৱা হ’ব বুলি পদাধিকাৰগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : ASSU’s 18th Central Conference:মৰিগাঁও সাজু হৈছে আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ বাবে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.