ASSU’s 18th Central Conference:মৰিগাঁও সাজু হৈছে আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ বাবে

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 4:45 PM IST

thumbnail

মৰিগাঁও, 11 নৱেম্বৰ : শনিবাৰে মৰিগাঁৱত উপস্থিত হয় অসম সেনাৰ বিষয়ববীয়া ৷ সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ অষ্টাদশ কেন্দ্ৰীয় মৰিগাঁও অধিৱেশনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল'বলৈ মৰিগাঁৱত উপস্থিত হয় অসম সেনাৰ মুখ্য সংগঠক বিজয় শংকৰ বৰদলৈসহ বিষয়ববীয়াসকল ৷ মৰিগাঁৱত উপস্থিত হৈ অভিভূত হৈ পৰে তেওঁলোক ৷

উল্লেখ্য যে, সমগ্ৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে মৰিগাঁও জিলাবাসীৰ লগতে আদৰণি সমিতি আৰু প্ৰতিখন উপসমিতিয়ে দিনে নিশাই আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনখনি সৰ্বতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে ।

বিশেষকৈ আগন্তুক ২১, ২২ আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনখন ৷ এই অধিৱেশনখনিৰ প্ৰতিটো দিশৰ কাম-কাজবোৰ সূচাৰুৰূপে পৰিচালনাৰ কৰিছে মৰিগাঁও জিলাবাসীৰ লগতে আদৰণি সমিতি আৰু প্ৰতিখন উপসমিতিয়ে ৷ মৰিগাঁও জিলাবাসীৰ এই কাৰ্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম সেনাৰ মুখ্য সংগঠক বিজয় শংকৰ বৰদলৈয়ে ।

লগতে পঢ়ক : ASSU’s 18th Central Conference; প্ৰতিনিধি সভাই যাক যি দায়িত্ব প্ৰদান কৰে সেয়া আমি পালন কৰিবলৈ সাজু : শংকৰ জ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.