ASSU’s 18th Central Conference; প্ৰতিনিধি সভাই যাক যি দায়িত্ব প্ৰদান কৰে সেয়া আমি পালন কৰিবলৈ সাজু : শংকৰ জ্যোতি বৰুৱা

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:37 AM IST

thumbnail

মৰিগাঁও, 9 নৱেম্বৰ : 21 নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কার্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত কৰা হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন ৷ 21 নৱেম্বৰৰ পৰা তিনিদিনীয়া কার্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া আছুৰ এই অধিৱেশনত সমাগম হ’ব দহ হাজাৰ প্ৰতিনিধিৰ ।

আছুৰ এই অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে মৰিগাঁও জিলাত। একপ্ৰকাৰে উখল মাখল হৈ পৰিছে মৰিগাঁও ৷ এই অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ বুধবাৰে মৰিগাঁৱত উপস্থিত হয় AASU ৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত AASU ৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনৰ সময়ত কোন সভাপতি, কোন সম্পাদক হ'ব তাক লৈ বিভিন্ন মহলত চৰ্চা চলি আছে । দৰাচলতে সদৌ অসম ছাত্ৰ সন্থাৰ সৰ্বোচ্চ ক্ষমতা সম্পন্ন প্ৰতিনিধি সভাই যাৰ কান্ধত দায়িত্ব প্ৰদান কৰে তেখেতেই পালন কৰিব দায়িত্ব। সেয়া লাগিলে শংকৰ জ্যোতি বৰুৱাই হওক বা উৎপল কুমাৰ শৰ্মাই হওক সকলোৱেই মানি লৈছে । কাৰণ ছাত্ৰ সন্থাৰ সকলো কৰ্মত পাকৈত।

লগতে পঢ়ক : Foundation day of AJP: লক্ষ্য লোকসভা নিৰ্বাচন 2024; ডিব্ৰুগড়ত অজাপৰ অধিৱেশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.