পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি কাল ৬০ বছৰলৈ বৃদ্ধি কৰাৰ আশ্বাস মন্ত্ৰী ৰণজিৎ দাসৰ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 8:48 AM IST

thumbnail

ডিব্ৰুগড়, 13 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে টিংখাং ৰাজহ চক্ৰৰ অন্তৰ্গত টিংখাং উন্নয়ন খণ্ডৰ মাহমৰা বৰপথাৰ গাঁও পঞ্চায়তত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উক্ত কাৰ্যসূচীত উপস্থিত আছিল মন্ত্ৰী ৰণজিৎ দাস ৷ মাহমৰা বৰপথাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী দাসে ৷

উক্ত অনুষ্ঠানৰ পাচতে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ মন্ত্ৰীসকলে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাইজৰ সৈতে মত বিনিময় কৰা হৈছে ৷ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ দ্বাৰা চৰকাৰে ৰূপায়ন কৰা আঁচনিৰ সন্দৰ্ভত ৰাইজক অৱগত কৰা হৈছে ৷’’ আনহাতে পি এন আৰ ডি বিভাগৰ ৰাজ্যৰ প্ৰায় 8 হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘ পি এন আৰ ডিৰ অস্থায়ী কৰ্মচাৰীয়ে চাকৰি কালৰ সীমা 60 বছৰলৈ বৃদ্ধি কৰা হ’ব ৷’’

লগতে পঢ়ক : খোৱাঙত সজাগতাৰ বাৰ্তা লৈ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.